বঢ়মপুৰত গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিবলৈ পশুপালন বিভাগৰ পদক্ষেপ
নগাঁও, ০৭ আগষ্ট (হি.স.)। দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন গঠন হোৱাৰ পিছতে গ্ৰাম্য অৰ্থনীতি উত্তৰণত বিশেষ গুৰুত্ব আৰোপ কৰিছে ৰাজ্য চৰকাৰে । বিশেষকৈ মৃতপ্ৰায় অৱস্থাত থকা পশুপালন বিভাগক পুনৰজ্জীৱিত কৰণ কৰি গ্ৰাম্য
বঢ়মপুৰত গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিবলৈ পশুপালন বিভাগৰ পদক্ষেপ


নগাঁও, ০৭ আগষ্ট (হি.স.)। দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন গঠন হোৱাৰ পিছতে গ্ৰাম্য অৰ্থনীতি উত্তৰণত বিশেষ গুৰুত্ব আৰোপ কৰিছে ৰাজ্য চৰকাৰে । বিশেষকৈ মৃতপ্ৰায় অৱস্থাত থকা পশুপালন বিভাগক পুনৰজ্জীৱিত কৰণ কৰি গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিবলৈ ৰাজ্যৰ পশুপালন বিভাগে লৈছে বিশেষ পদক্ষেপ ।

দুৰ্বল আন্তঃগাঁঠনি বাবে মৃত প্ৰায় অৱস্থালৈ গতি কৰা পশুধন পাম সমূহ পুনৰজীৱিতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে বঢ়মপুৰত ১৯৭০ চনত প্ৰতিষ্ঠা কৰা ৰাজ্যিক কুকুৰা পাম খনত পশুপালন বিভাগৰ গ্ৰাম্য আন্তঃগাঁঠনি উন্নয়ন পুঁজিৰ অধীনত প্ৰায় ৩৩ লাখ টকাৰ কুকুৰা চৰাই গৃহৰ নিৰ্মান কাম আৰম্ভ কৰিছে । বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে শিলান্যাস কৰি কয় যে, এই কুকুৰা পামত বৈজ্ঞানিক পদ্ধতিৰে কুকুৰা পালন কি দৰে কৰিবলৈ পাৰি তাৰ বাবে বিশেষ প্ৰশিক্ষণ লব পাৰিব কুকুৰা পালক সকলে ।চৰকাৰী চাকৰিলৈ বাট নাচায় কুকুৰা পালন কৰি নিজকে স্বাৱলম্বী হবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande