পথৰ দুৰৱস্থাৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ মহৰিপাৰা–বাঙালীপাৰা সংযোগী যাত্ৰীবাহী বাছ সেৱা
পথৰ দুৰৱস্থাৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ মহৰিপাৰা–বাঙালীপাৰা সংযোগী যাত্ৰীবাহী বাছ সেৱা।
পথৰ দুৰৱস্থাৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ মহৰিপাৰা–বাঙালীপাৰা সংযোগী যাত্ৰীবাহী বাছ সেৱা


বাক্সা, ০৭ আগষ্ট (হি.স.): পথৰ অত্যন্ত দুৰৱস্থাৰ বাবে মহৰিপাৰাৰ পৰা বাঙালীপাৰালৈ চলাচল কৰা যাত্ৰীবাহী বাছ সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । গুৱাহাটী–গোৰেশ্বৰ বাছ মালিক সন্থাই এই সিদ্ধান্ত ঘোষণা কৰিছে ।

পথটোৰ অতি শোচনীয় অৱস্থাৰ বাবে যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা সম্ভৱ নোহোৱাৰ ফলতেই এই ব্যৱস্থা লোৱা হৈছে । লগতে সন্থাই অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তোলাৰ বাবে চৰকাৰলৈ আহ্বান কৰে । পথটো উন্নত হোৱাৰ পাছতেই বাছ সেৱা পুনৰ আৰম্ভ কৰা হ'ব বুলি সন্থাৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে । এই সিদ্ধান্তৰ ফলত মহৰিপাৰা–বাঙালীপাৰা অঞ্চলৰ বহু যাত্ৰী দৈনন্দিন যাতায়াতত সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande