মঙলদৈত বিজেপিৰ কৃতজ্ঞতা উৎসৱ
দৰং, ০৭ আগষ্ট (হি.স.)। মঙলদৈত বিজেপিৰ কৃতজ্ঞতা উৎসৱ। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী পথ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰীয়ে কেবিনেটত অনুমোদন জনোৱাৰ পিছতেই উৎফুল্লিত দৰংবাসী। আজি মঙলদৈৰ ভেবাৰঘাট বাছ আস্থানত দৰং বিজেপিৰ কৰ্মকৰ্তা আৰু দৰং বাসীৰ উপস্থি
মঙলদৈত বিজেপিৰ কৃতজ্ঞতা উৎসৱ


দৰং, ০৭ আগষ্ট (হি.স.)। মঙলদৈত বিজেপিৰ কৃতজ্ঞতা উৎসৱ।

বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী পথ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰীয়ে কেবিনেটত অনুমোদন জনোৱাৰ পিছতেই উৎফুল্লিত দৰংবাসী।

আজি মঙলদৈৰ ভেবাৰঘাট বাছ আস্থানত দৰং বিজেপিৰ কৰ্মকৰ্তা আৰু দৰং বাসীৰ উপস্থিতিত কৃতজ্ঞতা উৎসৱ অনুষ্ঠিত কৰে।

অনুষ্ঠানত উপস্থিত আছিল মন্ত্ৰী নীলিমা দেৱী।

মন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী, সাংসদ দিলীপ শইকীয়া, মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি দৰংবাসীৰ বহু দিনীয়া সমস্যা পুৰণ হ'ল বুলি মন্তব্য কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande