বিলাসীপাৰাৰ নয়াহাটত জব্দ বৃহৎ পৰিমানৰ অবৈধ গো-মাংস
ধুবুৰী, ০৭ আগষ্ট (হি.স.)। বিলাসীপাৰাত অবৈধ গো-মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । নয়াহাট আৰক্ষীৰ অভিযান জব্দ বৃহৎ পৰিমানৰ অবৈধ গো-মাংস । যোগীৰমহল ৩য় খণ্ড হাপাপাৰাত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১ কুইন্টল গো-মাংস । গাঁও খনৰ হাতেম টাই নামৰ কচাই জনৰ ঘৰ
বিলাসীপাৰাৰ নয়াহাটত জব্দ বৃহৎ পৰিমানৰ অবৈধ গো-মাংস


ধুবুৰী, ০৭ আগষ্ট (হি.স.)। বিলাসীপাৰাত অবৈধ গো-মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।

নয়াহাট আৰক্ষীৰ অভিযান জব্দ বৃহৎ পৰিমানৰ অবৈধ গো-মাংস । যোগীৰমহল ৩য় খণ্ড হাপাপাৰাত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১ কুইন্টল গো-মাংস ।

গাঁও খনৰ হাতেম টাই নামৰ কচাই জনৰ ঘৰত মাংস কাটি থকা অৱস্থাত আৰক্ষীয়ে চলাইছিল অভিযান । আৰক্ষী উপস্থিতিৰ উমান পাই পলায়ন কৰে কচাই হাতেম টাই । অভিযানত অঞ্চলটোৰ পৰা জব্দ কৰে ২টাকৈ চোৰাং গৰু ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande