বাংলাদেশৰ চিলেট আৰু বগৰাত দুখন বাছ দুৰ্ঘটনাগ্ৰস্ত,৭ জন শ্ৰমিককে ধৰি ১৫ জন লোকৰ মৃত্যু
ঢাকা, ০৭ আগষ্ট (হি.স.)। বাংলাদেশৰ বাট-পথ বহুদিনৰ পৰাই প্ৰাণঘাটক হৈ আহিছে। শুকুৰবাৰে পুৱা বাংলাদেশৰ বগৰাত পথৰ দাঁতিত থিয় হৈ থকা সাতজন শ্ৰমিকক এখন বাছে মহতিয়াই নিয়ে। একেদৰে চিলেটত দুখন বাছৰ সংঘৰ্ষত কমেও ৮ জন লোকৰ মৃত্যু হয়। শ্ৰমিকৰ মৃত্যুৰ পিছতে ক্
b47bc9c3971a24ddbbfd211d7b692227_1693127770.jpg


ঢাকা, ০৭ আগষ্ট (হি.স.)। বাংলাদেশৰ বাট-পথ বহুদিনৰ পৰাই প্ৰাণঘাটক হৈ আহিছে। শুকুৰবাৰে পুৱা বাংলাদেশৰ বগৰাত পথৰ দাঁতিত থিয় হৈ থকা সাতজন শ্ৰমিকক এখন বাছে মহতিয়াই নিয়ে। একেদৰে চিলেটত দুখন বাছৰ সংঘৰ্ষত কমেও ৮ জন লোকৰ মৃত্যু হয়। শ্ৰমিকৰ মৃত্যুৰ পিছতে ক্ষুব্ধ বাসিন্দাসকলে ৰাজপথলৈ ওলাই আহি ঘাইপথ অৱৰোধ কৰে। জুলাই মাহত পথ দুৰ্ঘটনাত ৪১৬ জন লোকৰ মৃত্যু হৈছে।

ঢাকা ট্ৰিবিউনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আজি পুৱা প্ৰায় ৫:৩০ বজাত বগৰা সদৰৰ ছিলকিবান্ধা অঞ্চলৰ এৰুলিয়া অঞ্চলত কাম বিচাৰি পথৰ কাষত থিয় হৈ থকা শ্ৰমিকক এখন ব্যক্তিগত বাছে খুন্দা মাৰে। কমেও ৭ জন শ্ৰমিক নিহত হোৱাৰ লগতে ১৫ জন আহত হয়। এই কথা নিশ্চিত কৰিছে বগৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মিডিয়া) অতৌৰ ৰহমানে।

আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ মতে, ঢাকাৰ পৰা নাওগাঁও অভিমুখী শ্বাহ ফাতেহ আলী ট্ৰেন্সপ’ৰ্ট কোম্পানীৰ বাছ এখনে শ্ৰমিকক খুন্দা মাৰে। বৰষুণেৰে তিতি থকা বগৰা-নাওগাঁও ঘাইপথত পিছলি গৈ বিদ্যুতৰ খুঁটা এটাত খুন্দা মাৰি শ্ৰমিকসকলক মহতিয়াই লৈ যায়। এই ঘটনাত ৩ শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন ৪ জন শ্ৰমিকৰ শ্বহীদ জিয়াউৰ ৰহমান চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। অগ্নিনিৰ্বাপক বাহিনীৰ লগতে অসামৰিক প্ৰতিৰক্ষাৰ লোকে স্থানীয় বাসিন্দাৰ সহায়ত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কেইবাজনো আহতৰ অৱস্থা সংকটজনক হৈয়ে আছে।

এই ঘটনাৰ কিছু সময়ৰ পাছতে দেশৰ দ্বিতীয়টো পথ দুৰ্ঘটনা সংঘটিত হয় চিলেটৰ ওচমানীনগৰ মহকুমাৰ দয়ামিৰত। দুখন বাছৰ মুখামুখি সংঘৰ্ষত কমেও ৮ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ২৫ জন আহত হয়। উছমানীনগৰ আৰক্ষী থানাৰ বিষয়া গোলাম মুস্তাফাই কয় যে মৃত আৰু আহতসকলৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই। আৰক্ষীৰ মতে, ঢাকাৰ পৰা চিলেটলৈ গৈ থকা বেংগল ট্ৰেন্সপ’ৰ্ট বাছৰ সৈতে চিলেটৰ পৰা ঢাকালৈ যোৱা ইউনিক ট্ৰেন্সপ’ৰ্ট বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ যে ইউনিক ট্ৰেন্সপ’ৰ্ট বাছখন পথৰ কাষৰ খাৱৈত বাগৰি পৰে। মৃত্যু হোৱা সকলো যাত্ৰী এই বাছত আছিল। আহতসকলক চিলেটৰ মেগ ওচমানী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়। ঢাকা ট্ৰিবিউনৰ মতে, বাংলাদেশৰ পথসমূহ সুৰক্ষিত কৰাৰ প্ৰচেষ্টা এতিয়াও উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ৰোড ছেফটি ফাউণ্ডেচনে জনোৱা মতে, জুলাই মাহত ৪৫৮ টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত ৪১৬ জন লোকৰ মৃত্যু হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande