

গুৱাহাটী, ০৭ আগষ্ট (হি.স.)।
মহানগৰীৰ ফটাশিল আৰক্ষীৰ জালত দুই গভাইত চোৰ।
ধৃত দুই চোৰ বৰপেটা মন্দিয়াৰ চাহেপ আলি আৰু চহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
দুয়োৰে পৰা পৰা আৰক্ষীয়ে জব্দ কৰে ৬০ গ্ৰাম সোণৰ আঁ-অলংকাৰ। জব্দকৃত
সোণখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকাৰ হব
বুলি আৰক্ষীয়ে জানিব দিয়ে। আৰক্ষীয়ে
লগতে চোৰ দুটাৰপৰা জব্দ কৰে দুটা লেপটপ, দুটা ডিএছএলআৰ কেমেৰা, মোৱাইলফোন আৰু এলেক্সা টেপ।
মহানগৰীৰ গনেশপাৰা অঞ্চলত বাহৰ পাতি মানুহ নথকা ফ্লেট, ঘৰত চুৰি কৰি গৈছিল দুই চোৰে।
অধিক লোক গেংটোৰ সৈতে জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। আৰক্ষীয়ে অধিক তথ্যৰ বাবে চোৰ দুটাক জেৰা চলায় আছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar