
গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে উল্লেখ কৰে যে এই কঠিন সময়ত ৰাজ্য চৰকাৰে বানপানীত ক্ষতিগ্রস্ত হোৱা প্রতিটো পৰিয়ালৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু সকলো ধৰণৰ সাহায্য আগবঢ়াই যাব৷
ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰৰ সাহায্য কেৱল তাৎক্ষণিক সাহায্যতে সীমাবদ্ধ নাথাকিব, বৰঞ্চ ক্ষতিগ্ৰস্ত ঘৰ, শিক্ষানুষ্ঠান, অংগনবাড়ী কেন্দ্ৰ, নামঘৰ, জীৱিকা আৰু ঋণৰ সাহায্যকে ধৰি সকলো ক্ষেত্ৰকে সামৰি ল’ব।
তেওঁ উল্লেখ কৰে যে ৯ আগষ্টৰ পৰা বানপানীৰ ক্ষয়-ক্ষতিৰ জৰীপ আৰম্ভ হ’ব। সমীক্ষাৰ ভিত্তিত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায় আগবঢ়োৱা হ’ব যাতে তেওঁলোকে অতি সোনকালে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰে।
মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ পুনৰ সংস্থাপন আৰু জীৱন পুনৰুদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ