
গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ হস্ততাঁত শিপিনীসকলক ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক বুলি অভিহিত কৰি শুভেচ্ছা জ্ঞাপন কৰে । বিশেষকৈ গ্ৰামাঞ্চলত হস্ততাঁত শিল্পই জীৱিকাৰ এক গুৰুত্বপূৰ্ণ উৎস বুলি ব্যক্ত কৰে ।
শুকুৰবাৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে শিপিনীসকলৰ কল্যাণ নিশ্চিত কৰাৰ লগতে তেওঁলোকক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ বাবে কেইবাটাও অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰচেষ্টাসমূহে হস্ততাঁত খণ্ডটো শক্তিশালী কৰিছে আৰু ইয়াৰ লগত জড়িতসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে।
অসমৰ ইতিহাসৰ কথা উল্লেখ কৰি তেওঁ কয় যে আহোম যুগতো সুদক্ষ শিল্পীৰ এক চহকী পৰম্পৰা আছিল যিসকলে নিশাটোৰ ভিতৰতে সূতা কাটি সুন্দৰ বস্ত্ৰ সৃষ্টিৰ বাবে বিখ্যাত আছিল।
ড০ শৰ্মাই উল্লেখ কৰে যে হস্ততাঁত খণ্ডৰ উন্নয়নে মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণৰ লগতে ৰাজ্যখনৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত তেওঁ অসমৰ চহকী হস্ততাঁত পৰম্পৰাক জীয়াই ৰখা সকলো শিপিনীৰ সৃষ্টিশীলতা আৰু নিষ্ঠাত গৌৰৱ প্ৰকাশ কৰে।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ