
নতুন দিল্লী, ০৭ আগষ্ট (হি.স.)। অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ চৰকাৰী জৰীপ মানচিত্ৰত ৰাজ্যখনৰ ২৭ টা স্থান আৰু ভৌগোলিক বৈশিষ্ট্যৰ মানক স্থান আৰু চৰকাৰী নামেৰে আনুষ্ঠানিকভাৱে চিনাক্ত কৰিছে।
শুকুৰবাৰে গৃহ মন্ত্ৰালয়ে কয় যে এই স্থান আৰু ভৌগোলিক বৈশিষ্ট্যসমূহ চৰকাৰী মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্য হৈছে ইয়াৰ সঠিক চিনাক্তকৰণ নিশ্চিত কৰা আৰু জনসাধাৰণৰ উন্নত সজাগতা সৃষ্টি।
চৰকাৰী মানচিত্ৰত অন্তৰ্ভুক্ত কৰা ২৭টা স্থানত বিভিন্ন ভৌগোলিক বৈশিষ্ট্য, যেনে ভূমি অঞ্চল, পাছ, হ্ৰদ, কীৰ্তিচিহ্ন আদি অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ ভিতৰত লংজু, মাজা, বিছা, বৰা কুণ্ডুন, ছোটা কুণ্ডুন, ধন বাৰী, প্ৰীত নগৰ, বুদ্ধ মন্দিৰ, জয়ৰামপুৰ, তেৰিট নগৰ, ৰাম নগৰ, যশৱন্তগড়, সাগৰ, পদ্ম, জ্যোতি নগৰ, বৈশাখী, ছোটা ৰোপুক, বাৰা ৰোপুক, শিৱাজী নগৰ, সূনপুৰা, আৰু কমলাং নগৰ আদি ভূমি অঞ্চল। ইয়াৰ উপৰিও ড্জো লা, ৰিজা লা, পুকাৰ লা, আৰু থাগ লা পাছ, সম্ভো সৰোভাৰ হ্ৰদ, শ্বেৰ-ই-থাপা স্মৃতিসৌধ আদিও চৰকাৰী মানচিত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে।
চৰকাৰৰ মতে, ভাৰতীয় জৰীপ সংস্থাই প্ৰস্তুত কৰা অৰুণাচল প্ৰদেশৰ আপডেট কৰা মানচিত্ৰত এই স্থানসমূহৰ মানক ভৌগোলিক নামেৰে প্ৰদৰ্শন কৰা হৈছে, যাৰ ফলত ভৱিষ্যতে ইয়াৰ চিনাক্তকৰণ আৰু উল্লেখ অধিক স্পষ্ট আৰু প্ৰামাণিক হৈ পৰিছে।
চৰকাৰে উল্লেখ কৰে যে অৰুণাচল প্ৰদেশৰ আপডেট কৰা চৰকাৰী মানচিত্ৰ ভাৰত জৰীপ ৱেবছাইটত উপলব্ধ, য’ত অতিৰিক্ত স্থান আৰু ভৌগোলিক বৈশিষ্ট্যৰ তথ্যও চাব পাৰি।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া