নয়ডাত ৮ আৰু ৯ আগষ্টত অনুষ্ঠিত হ'বলগীয়া অখিল ভাৰতীয় প্ৰচাৰ–অভিলেখাগাৰ বৈঠকত পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰতিনিধিদলৰ অংশগ্ৰহণ
গুৱাহাটী, ০৬ আগষ্ট (হি.স.)। বিশ্বৰ সৰ্ববৃহৎ বেচৰকাৰী শিক্ষা-সংগঠন বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় প্ৰচাৰ আৰু অভিলেখাগাৰ বিভাগৰ উদ্যোগত অহা ৮ আৰু ৯ আগষ্টত নয়ডাস্থিত ভাওৰাও দেৱৰাস সৰস্বতী বিদ্যা মন্দিৰত দুদিনীয়া অখিল ভাৰতীয় বৈঠক অনুষ্ঠিত হ''ব। দেশৰ বিভ
असमः विद्या भारती की दो दिवसीय अखिल भारतीय प्रचार एवं अभिलेखागार बैठक में हिस्सा लेने जाते पूर्वोत्तर के प्रतिनिधि


গুৱাহাটী, ০৬ আগষ্ট (হি.স.)। বিশ্বৰ সৰ্ববৃহৎ বেচৰকাৰী শিক্ষা-সংগঠন বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় প্ৰচাৰ আৰু অভিলেখাগাৰ বিভাগৰ উদ্যোগত অহা ৮ আৰু ৯ আগষ্টত নয়ডাস্থিত ভাওৰাও দেৱৰাস সৰস্বতী বিদ্যা মন্দিৰত দুদিনীয়া অখিল ভাৰতীয় বৈঠক অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰতিনিধিসকলেও বৈঠকত অংশগ্ৰহণ কৰিব ।

উত্তৰ অসম প্ৰান্তৰ পৰা প্ৰচাৰ সংযোজক মুকুটেশ্বৰ গোস্বামী আৰু আই টি চেল ইনচাৰ্জ তথা ছ'চিয়েল মিডিয়া প্ৰমুখ সঞ্জীৱ ডেকাই বৈঠকত অংশগ্ৰহণ কৰিব। একেদৰে দক্ষিণ অসমৰ পৰা প্ৰচাৰ সংযোজক কুণালজিৎ দেৱ, মেঘালয়ৰ পৰা প্ৰচাৰ সংযোজক বিবেক তিৱাৰী, পূৰ্বোত্তৰ ক্ষেত্ৰৰ অভিলেখাগাৰ সংযোজক ভূষণ গোস্বামী, দক্ষিণ অসমৰ অভিলেখাগাৰ সংযোজক মেঘাঞ্জন চক্ৰৱৰ্তী আৰু মেঘালয়ৰ অভিলেখাগাৰ সংযোজক পৰমেশ্বৰ ৰাভাও উপস্থিত থাকিব।

দুদিনীয়া এই বৈঠকত সংগঠনৰ প্ৰচাৰ কাৰ্য অধিক শক্তিশালী কৰি তোলা, সামাজিক মাধ্যমৰ ফলপ্ৰসূ ব্যৱহাৰ, অভিলেখ সংৰক্ষণ ব্যৱস্থা অধিক সুসংগঠিত কৰা, ডিজিটেল তথ্যভঁৰাল গঢ়ি তোলা, সমন্বিত প্ৰচাৰ কৌশল আৰু আগন্তুক কাৰ্যসূচীৰ ৰূপৰেখা প্ৰস্তুতকৰণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিস্তৃত আলোচনা অনুষ্ঠিত হ'ব।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande