তেজপুৰৰ উদীয়মান প্ৰগতিশীল চিন্তা -চেতনাৰ নাট্যশিল্পীৰ নটসূৰ্য ফাউণ্ডেশ্যন ৰ উদ্যোগত খেলমাটিৰ কঁকালভাঙিত শিশু নাট কৰ্মশালাৰ সামৰণি
শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। তেজপুৰৰ উদীয়মান এচাম প্ৰগতিশীল চিন্তা -চেতনাৰ নাট্যশিল্পীৰ নটসূৰ্য ফাউণ্ডেশ্যন ৰ উদ্যোগত তেজপুৰৰ দাতি কাষৰীয়া অঞ্চল কঁকালভাঙি, খেলমাটিত যোৱা তিনি বছৰৰ দৰে এইবাৰো ১০ জুলাইৰ পৰা ০১ আগষ্টলৈ এক শিশু নাট কৰ্মশালা অনুষ্ঠ
শিশু নাট কৰ্মশালাৰ সামৰণি


শিশু নাট কৰ্মশালাৰ সামৰণি


শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। তেজপুৰৰ উদীয়মান এচাম প্ৰগতিশীল চিন্তা -চেতনাৰ নাট্যশিল্পীৰ নটসূৰ্য ফাউণ্ডেশ্যন ৰ উদ্যোগত তেজপুৰৰ দাতি কাষৰীয়া অঞ্চল কঁকালভাঙি, খেলমাটিত যোৱা তিনি বছৰৰ দৰে এইবাৰো ১০ জুলাইৰ পৰা ০১ আগষ্টলৈ এক শিশু নাট কৰ্মশালা অনুষ্ঠিত হৈ যায় । ০৬আগষ্টৰ দিনটোত কঁকালভাঙি ৰঙ্গমঞ্চত অনুষ্ঠিত সামৰণি অনুষ্ঠানত তেজপুৰৰ ছিৰিয়াছ নাট্যশিল্পী জিতুমণি কলিতাই চম্পাৱতী’’, তেজীমলা আৰু চিলনিৰ জীয়েক সাধুৰ আধাৰত ৰচনা কৰা আৰু নিজেই পৰিচালনা কৰা হেৰোৱা সাধু নামেৰে এখনি নাটক মঞ্চস্থ কৰা হয় ।

অনুষ্ঠানটিৰ আৰম্ভণিতে নটসূৰ্য ফণী শৰ্মাদেৱৰ আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।নাটকখনৰ মঞ্চ উদ্বোধন কৰে বৰচলা বিধান সভা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মাই । উপস্থিত থাকে বিশিষ্ট চলচিত্ৰ পৰিচালক তথা নাট্যকাৰ দীপক নাথ। অনুষ্ঠানটি আঁত ধৰে নৱজিৎ শৰ্মা আৰু ময়ুৰাক্ষী নাথ । নাটক খনিৰ সংগীত পৰিচালনা কৰে অমিত বড়ো আৰু অবিনাশ নাথে । পোহৰ ব্যৱস্থাপনাত আছিলে ৰুবুমণি কলিতা । লগতে মঞ্চ সজ্জাৰ দায়িত্বত আছিল বিষ্ণু দাস আৰু কৃষ্ণাংক কলিতাই ।

উল্লেখযোগ্য যে কৰ্মশালাখনত ২৪ জন শিশু প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছিল । কঁকাল ভাঙি অঞ্চলৰ সমূহ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানটিত যথেষ্ট লোকৰ সমাগম হয় । নাটক খনিৰ কাহিনীৰ কথা কবলৈ গলে বৰ্তমান সময়ত আধুনিকতাৰ প্ৰভাৱত ককা আইতা সকলৰ লগত নাতি নাতিনীৰ যি ব্যৱধান দেখা যায় তাক প্ৰতীয়মান কৰিবলৈ চেষ্টা কৰা হয় । যত এটা সময়ত সাধুৰ মাজেৰে শিশু সকলক শাস্ত্ৰ জ্ঞান, নীতি শিক্ষা দিয়া হৈছিল, কল্পনা শক্তি বৃদ্ধি কৰা হৈছিল সেই পৰিৱেশ বৰ্তমান যান্ত্ৰিকতাৰ যুগত দেখিবলৈ পোৱা নাযায় ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande