গোৱালপাৰা জিলাৰ লক্ষীপুৰত মেৰামতিৰ এমাহ নহোওঁতেই জহি-খহি গ’ল ৩৫ লাখ টকাৰ কাঠৰ দলং
গোৱালপাৰা, ০৬ আগষ্ট (হি.স.)। মেৰামতিৰ এমাহ নহোওঁতেই জহি-খহি গ’ল ৩৫ লাখ টকাৰ কাঠৰ দলং। ৰাইজৰ তীব্ৰ প্ৰতিবাদ সাৱস্ত্য। গোৱালপাৰা জিলাৰ লক্ষীপুৰত লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি, ২০২৫–২৬ বৰ্ষত প্
গোৱালপাৰা জিলাৰ লক্ষীপুৰত মেৰামতিৰ এমাহ নহোওঁতেই জহি-খহি গ’ল ৩৫ লাখ টকাৰ কাঠৰ দলং


গোৱালপাৰা, ০৬ আগষ্ট (হি.স.)। মেৰামতিৰ এমাহ নহোওঁতেই জহি-খহি গ’ল ৩৫ লাখ টকাৰ কাঠৰ দলং। ৰাইজৰ তীব্ৰ প্ৰতিবাদ সাৱস্ত্য।

গোৱালপাৰা জিলাৰ লক্ষীপুৰত লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি, ২০২৫–২৬ বৰ্ষত প্ৰায় ৩৫ লাখ টকা ব্যয়ৰে লক্ষীপুৰ–টাকিমাৰী সংযোগী মূল পথৰ কাঠৰ দলংখন মেৰামতি কৰা হৈছিল।

কিন্তু মেৰামতি সম্পূৰ্ণ হোৱাৰ এমাহো নৌহওঁতেই দলং খনৰ বিভিন্ন অংশ জহি-খহি যাবলৈ আৰম্ভ কৰে। ক্ষুব্ধ ৰাইজে নিম্নমানৰ কামৰ অভিযোগ উত্থাপন কৰি সংশ্লিষ্ট ঠিকাদাৰ আব্দুৰ ৰহিম বাদছা, লোকনিৰ্মাণ বিভাগ আৰু জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande