শালবাৰীৰ কাটাঝাৰ গাঁৱৰ দুই গৰু চোৰ গ্ৰেপ্তাৰ
বাক্সা, ০৬ আগষ্ট (হি.স.)। শালবাৰীৰ কাটাঝাৰ গাঁৱৰ দুই গৰু চোৰ গ্ৰেপ্তাৰ। শালবাৰী মহকুমা আৰক্ষী বিষয়া দেবাশিস কায়স্থৰ নেতৃত্বত শালবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৰু চোৰ দুজনক। শালবাৰীৰ শিমলাগুৰী গোবিন্দপুৰ আৰু সোণাফুলীত গৰু চোৰ কৰিছিল দুই গৰু চোৰে। ধ
শালবাৰীৰ কাটাঝাৰ গাঁৱৰ দুই গৰু চোৰ গ্ৰেপ্তাৰ


বাক্সা, ০৬ আগষ্ট (হি.স.)। শালবাৰীৰ কাটাঝাৰ গাঁৱৰ দুই গৰু চোৰ গ্ৰেপ্তাৰ। শালবাৰী মহকুমা আৰক্ষী বিষয়া দেবাশিস কায়স্থৰ নেতৃত্বত শালবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৰু চোৰ দুজনক। শালবাৰীৰ শিমলাগুৰী গোবিন্দপুৰ আৰু সোণাফুলীত গৰু চোৰ কৰিছিল দুই গৰু চোৰে। ধৃত গৰু চোৰ দুগৰাকী শালবাৰীৰ কাটাঝাৰ গাঁৱৰ মকিবুৰ ৰহমান আৰু বৰঘোপাৰ ছানিদুল ইছলাম বুলি জানিব পৰা গৈছে।

সম্প্ৰতি ধৃত দুই চোৰক জেৰা অব্যাহত ৰাখিছে শালবাৰী আৰক্ষীয়ে। আনহাতে আন কেইবা গৰাকী ধৃত চোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে শালবাৰী আৰক্ষীয়ে । উল্লেখ্য যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ধৃত দুই চোৰ বহু দিনৰ পৰাই বিভিন্ন অপৰাধজনিত ঘটনাৰ সৈতে জৰিত আছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande