তেজপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন
–বিধায়ক পৃথ্বিৰাজ ৰাভাৰ দ্বাৰা ষ্টুডেণ্ট এমিনিটিজ চেন্টাৰ উদ্বোধন –হাৰুপেশ্বৰ শীৰ্ষক সংগ্ৰহালয় স্থাপন –অধ্যক্ষ ড০ মনোজ কুমাৰ হাজৰিকা সম্পাদিত গ্ৰন্থ উন্মোচন –মহাবিদ্যালয়ৰ বিভিন্ন শৈক্ষিক বঁটা প্ৰদান –শিক্ষাৰ্থীৰ সাংস্কৃতিক অনুষ্
তেজপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন


–বিধায়ক পৃথ্বিৰাজ ৰাভাৰ দ্বাৰা ষ্টুডেণ্ট এমিনিটিজ চেন্টাৰ উদ্বোধন

–হাৰুপেশ্বৰ শীৰ্ষক সংগ্ৰহালয় স্থাপন

–অধ্যক্ষ ড০ মনোজ কুমাৰ হাজৰিকা সম্পাদিত গ্ৰন্থ উন্মোচন

–মহাবিদ্যালয়ৰ বিভিন্ন শৈক্ষিক বঁটা প্ৰদান

–শিক্ষাৰ্থীৰ সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল মহাবিদ্যালয় প্ৰাংগন

শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। ঐতিহ্যমণ্ডিত তেজপুৰ মহাবিদ্যালৰ ৬১ তম্ প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। আৰম্ভণিতে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই। স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ হাজৰিকাই। তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে 'ষ্টুডেণ্ট এমিনিটিজ চেন্টাৰ এটা মুকলি কৰে বিধায়ক পৃথ্বিৰাজ ৰাভাই।

তেজপুৰ মহাবিদ্যালয়ৰ পুথিভঁৰালত হৰূপেশ্বৰ নামেৰে এটা বিশেষ সংগ্ৰাহালয় স্থাপন কৰা হয়, য'ত তেজপুৰৰ ইতিহাস সম্বলিত সকলো তথ্য, পুথি, কৃতী চিহ্ন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। উক্ত সংগ্ৰাহালয়টি মুকলি কৰে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ খীৰেন্দ্ৰ হালৈয়ে। ছাত্ৰী জিৰণি কোঠাৰ বাবে এটি চেনিটাৰী পেড ভেন্দিং মেচিন আগবঢ়াই তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হেমেন শৰ্মাৰ সুযোগ্য কন্যা প্ৰণামী গাৰ্গে। উক্ত মেচিনটি উদ্ধোধন কৰে তেজপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰীতা শইকীয়াই। প্ৰতিষ্ঠা দিৱসৰ মূল সভাখন অনুষ্ঠিত হয় চন্দ্ৰ মোহন মেধি প্ৰেক্ষাগৃহত। মূল সভাখন এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ হাজৰিকাই আৰু তেখেতে আদৰণি ভাষণ প্ৰদান কৰে।

উক্ত অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ হাজৰিকাই সম্পাদনা কৰা এখন গ্ৰন্থ Entrepreneurship Development in Assam: Recent Trends , Challenges and Opportunities উন্মোচন কৰে দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ খীৰেন্দ্ৰ হালৈয়ে। প্ৰতিষ্ঠা দিৱসত মহাবিদ্যালয়ৰ শৈক্ষিক বঁটা সমূহ প্ৰদান কৰাৰ লগতে মহাবিদ্যালয়ৰ পৰা প্ৰকাশিত The Cherry-picked Project আৰু The Heritage উন্মোচন কৰা হয়।

অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অধ্যাপক অধ্যাপিকা আৰু বছাত্ৰ-ছাত্ৰী সকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। সন্ধিয়া ৬১ গছি বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী সমাপ্ত হয়।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande