নলবাৰী চিকিৎসা মহাবিদ্যালয়ত শিশুৰ মৃত্য়ুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
নলবাৰী, ০৬ আগষ্ট (হি.স.)। নলবাৰী চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি । এটা শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় চিকিৎসালয় খনত। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ পৈছাৰা গাঁওৰ শিশু এটিক বেজী(injection) দিয়াৰ পিছতে মৃত্যু হোৱাক কেন্দ্ৰ ক
নলবাৰী চিকিৎসা মহাবিদ্যালয়ত শিশুৰ মৃত্য়ুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি


নলবাৰী, ০৬ আগষ্ট (হি.স.)। নলবাৰী চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি । এটা শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় চিকিৎসালয় খনত। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ পৈছাৰা গাঁওৰ শিশু এটিক বেজী(injection) দিয়াৰ পিছতে মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয়।মৃত্যু হোৱা শিশু গৰাকীৰ নাম জিচান আহমেদ (৩)বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে পাছদিন পূৰ্বে শিশুটিক মেকুৰীয়ে আছুৰিছিল । তাৰ বাবে শিশুটিক চিকিৎসালয় খনত ইনজেকচন দিবৰ বাবে আনিছিল । পিছত শিশুটি মৃত্যুক আকোৱালি লয় । লক্ষ্যনিয় যে উক্ত শিশু গৰাকী চিকিৎসালয়লৈ অহাৰ সময়ত পিতৃ মাতৃৰ সৈতে সম্পূৰ্ণ সুস্থ অৱস্থাত আহিছিল । এই ঘটনাৰ পিছত নলবাৰী চিকিৎসা মহাবিদ্যালয় হস্পিটালত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande