
বিশ্বনাথ, ০৬ আগষ্ট (হি.স.): ৰাজ্য়ত অব্য়াহত আছে বানপানীৰ তাণ্ডৱ। ইয়াৰ মাজতে বিশ্বনাথ জিলাৰ চতিয়াত যোৱা কালি বুধবাৰে বিয়লি বাঢ়নী পানীত প্ৰাণ হেৰুৱালে দুজন লোকে ।
চতিয়াৰ মাগুৰমাৰা গাৱঁৰ ক্ষেম শইকীয়া আৰু ২নং বেজৰহলাৰ দিনেশ ভূমিজ নামৰ লোক দুজনে বেজৰহলাৰ পথাৰত বাঢ়নী পানীয়ে উটুৱাই নিয়া কঠিয়া বচাবলৈ গৈ গভীৰ পানীত সোমাই নিখোজ হৈ পৰে । বহু সময় ধৰি দুয়োজন ব্যক্তিৰ সন্ধান নোহোৱাত স্থানীয় অভিযান চলায় । স্থানীয় যুৱকসকলৰ অভিযানত পানীৰ তলৰ পৰা দুয়োজনৰ মৃতদেহ উদ্ধাৰ কৰে । ইফালে প্ৰশাসনৰ তৰফৰ পৰা এছডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈছিল যদিও ইতিমধ্যে উদ্ধাৰ হয় দুই মৃতদেহ । ইতিমধ্যে দুই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ