
নতুন দিল্লী, ০৬ আগষ্ট (হি.স.)। হকী ইণ্ডিয়াই বৃহস্পতিবাৰে এ এইচ এফ জুনিয়ৰ এছিয়া কাপ ২০২৬ৰ বাবে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলৰ ঘোষণা কৰে। চীনৰ মকীত ৩০ আগষ্টৰ পৰা ১৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনত ১৮ জন খেলুৱৈ আছে, য’ত দুগৰাকী খেলুৱৈক বিকল্প হিচাপে নিৰ্ধাৰণ কৰা হৈছে।
দলটোৰ অধিনায়ক হ’ব মিডফিল্ডাৰ খাইদেম শ্বিলেইমা চানুৱে। মুখ্য প্ৰশিক্ষক টিম হোৱাইটৰ নিৰ্দেশনাত বিগত কেইমাহমানৰ পৰা দলটোৱে নিবিড় প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। এই বছৰ দলটোৰ দায়িত্ব লোৱা হোৱাইটৰ অধীনত খেলুৱৈসকলে ধাৰাবাহিকভাৱে নিজৰ খেলৰ উন্নতি সাধন কৰিছে। শেহতীয়াকৈ ভাৰতীয় জুনিয়ৰ মহিলা দলটোৱে মহাদেশীয় প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ বাবে যুক্তৰাজ্যলৈ এক্সপ’জাৰ ভ্ৰমণৰ পৰা উভতি আহিছে। এই ভ্ৰমণে খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰিচয় প্ৰদান কৰি জুনিয়ৰ এছিয়া কাপৰ প্ৰস্তুতি আৰু অধিক শক্তিশালী কৰি তুলিছিল।
দলটো ঘোষণা কৰাৰ সময়ত প্ৰশিক্ষক টিম হোৱাইটে কয় যে, মই গৌৰৱান্বিত যে এই যুৱ খেলুৱৈসকলে কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু দৃঢ়তাৰ জৰিয়তে দলত স্থান অৰ্জন কৰিছে।
তেওঁ লগতে কয়, এই প্ৰতিযোগিতাখন এছিয়াৰ শ্ৰেষ্ঠ দলসমূহৰ বিৰুদ্ধে নিজকে পৰীক্ষা কৰি ডাঙৰ লক্ষ্যৰ দিশত আগবাঢ়ি যোৱাৰ এক গুৰুত্বপূৰ্ণ সুযোগ। আমি প্ৰতিখন মেচৰ কাষ চাপিম আত্মবিশ্বাস আৰু অনুশাসনৰ সৈতে। মই নিশ্চিত যে এই দলটোৰ দেশখনক গৌৰৱান্বিত কৰাৰ প্ৰতিভা আৰু আবেগ আছে।
এই প্ৰতিযোগিতাত এছিয়াৰ শীৰ্ষ জুনিয়ৰ দলসমূহে অংশগ্ৰহণ কৰিব। পিছত ঘোষণা কৰা হ’ব সূচী আৰু পুল।
ভাৰতীয় দল:
গ’লৰক্ষকঃ নিধি, এঞ্জেল হৰ্ষ ৰাণী মিঞ্জ
ডিফেণ্ডাৰ : পূজা সাহু, সুপ্ৰিয়া, পূজা মালিক, পাৰ্বতী টপ্নো, মধু
মিডফিল্ডাৰ : খাইদেম শিলেইমা চানু (অধিনায়ক), তনুজা টপ্পো, বিনিমা ধন, ৰোশনী আইন্দ, গীতা যাদৱ
ফৰৱাৰ্ড : লালৰিণপুইই, পূৰ্ণিমা যাদৱ, সুখবীৰ কৌৰ, কৃষ্ণ শৰ্মা, শনিকা চন্দ্ৰকান্ত মানে, মধু সিদাৰ
বিকল্প খেলুৱৈ : এফ লালবিয়াক্সিয়ামি, তনুশ্ৰী দীনেশ কাডু।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ