
ধুবুৰী, ০৬ আগষ্ট (হি.স.)। অসম বংগ সীমান্তৰ আগমনিৰ ছাগলীয়াত কালি বিয়লি আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত জব্দ ৪২ টাকৈ বহি: ৰাজ্যৰ ম'হ । পশ্চিমবংগৰ ইছলামপুৰৰ পৰা বঙাইগাঁওৰ কাবাইটাৰী লৈ গৈ আছিল বাহন খন । কুৰকুৰে পেকেটৰ তলত গোপন চেম্বাৰত ভৰ্তি কৰিছিল ম'হ সমূহ । গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে ট্ৰাকখনত চলায় অভিযান ।
আটক সৰবৰাহকাৰী ৰূপত চালক আৰু হেণ্ডিমেন । ধৃত চালক ধুবুৰীৰ আব্দুল ৰহমান আৰু হেণ্ডিমেন বঙাইগাঁও কাবাইটাৰীৰ সহিদুল ইছলাম । আৰক্ষীয়ে দুয়ো ম'হ সৰবৰাহকাৰীক সোধা পোছা অব্যাহত ৰাখিছে । জব্দকৃত ম'হ ভৰ্তি ট্ৰাকখনৰ নম্বৰ এএছ-০১টিচি-৩৮৪৪ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ