
ইম্ফল, ০৬ আগষ্ট (হি.স.)। মণিপুৰত নিৰাপত্তা বাহিনীয়ে যোৱা কালি বুধবাৰে দুটা পৃথক পৃথক অভিযানত নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ দুজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰে।
প্ৰথম অভিযানত নিৰাপত্তা বাহিনীয়ে আৰ পি এফ/পি এল এৰ সক্ৰিয় কেডাৰ থকচম ডাইমণ্ড মেইটেই ওৰফে টামথৌবা (২৭)ক গ্ৰেপ্তাৰ কৰে। কাকচিং জিলাৰ ছেৰৌ বজাৰ আৱাং লেইকাইৰ বাসিন্দা ইম্ফল পশ্চিম জিলাৰ সাগোলবন্দ খুৰাইজাম লেইকাই অঞ্চলৰ পৰা আটক কৰা হয়।
দ্বিতীয়টো অভিযানত নিৰাপত্তা বাহিনীয়ে কেচিপি (পিডব্লিউজি)ৰ সক্ৰিয় কেডাৰ মইৰাংথেম ৰমেশ সিং ওৰফে লিংগাকপা (২৯)ক গ্ৰেপ্তাৰ কৰে। লামখাইৰ মইৰাং খুনৌ ব্লকৰ মৈৰাং খুনৌ মাখা লেইকাই অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক।
দুয়োটা গোচৰতে নিৰাপত্তা বাহিনীয়ে অধিক আইনী ব্যৱস্থা আৰু তদন্ত আৰম্ভ কৰিছে ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ