
কোকৰাঝাৰ, ৬ আগষ্ট (হি.স.)। গোসাঁইগাঁৱত পথ শুভ উদ্বোধন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য ছিনেশ হেমৰমে।গোসাঁইগাঁৱত দুখনকৈ পথ নিৰ্মাণ সম্পূৰ্ণ কৰি শুভ উদ্বোধন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য ছিনেশ হেমৰমে।
ভদেয়াগুৰী আৰু পানবাৰী গাঁৱত ২০২৫-২৬ বৰ্ষৰ এছঅপিডি আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ পুঁজিৰে পথ নিৰ্মাণ কৰি শুভ উদ্ভোধন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ কাৰ্য্যবাহী সদস্য ছিনেশ হেমৰমে,ৰাইজৰ যাতায়তৰ বাবে জৰাজীৰ্ণ হৈ থকা পথটো ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হব বুলি ৰাইজক জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ