ৰঙিয়াত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ অনুষ্ঠান
কামৰূপ, ০৬ আগষ্ট (হি.স.)। ৰঙিয়াত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা। ৰঙিয়াত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনৰ আবেদন পত্
ৰঙিয়াত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ অনুষ্ঠান


কামৰূপ, ০৬ আগষ্ট (হি.স.)।

ৰঙিয়াত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা।

ৰঙিয়াত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনৰ আবেদন পত্ৰ বিতৰণ কৰা হয়। ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এই আঁচনিৰ আবেদন পত্ৰ বিতৰণ কৰা হয়।

উক্ত আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে চৰকাৰৰ ফালৰ পৰা আৰ্থিক অনুদান লাভ কৰিব। ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতা অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এই আঁচনিৰ আবেদন পত্ৰ বিতৰণ কৰে। আচঁনি খনৰ জৰিয়তে আৰ্থিক অনুদান লাভ কৰাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব বুলি কয় বিধায়ক কলিতাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande