তামাৰহাটৰ হাতীধুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
তামাৰহাটৰ হাতীধুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ।
তামাৰহাটৰ হাতীধুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা


ধুবুৰী, ০৬ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটৰ হাতীধুৰাত যোৱা কালি বুধবাৰে বিয়লি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা । মালবাহী টাটা মেজিক এখনে চাইকেল আৰোহীক খুন্দা মাৰে । ফলত গুৰুতৰভাৱে আহত চাইকেল চালক জন ।

স্থানীয় ৰাইজৰ তৎপৰতাত তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি চাইকেল আৰোহীজনক । আহত চাইকেল আৰোহী জন হৰিপুৰ গাঁৱৰ মহৰ আলী বুলি পৰিচয় পোৱা গৈছে । পথ দুৰ্ঘটনা সংঘটিত কৰা এএছ ০১ টিচি ৮৬৮৯ নম্বৰৰ টাটা মেজিক খন শ্ৰীৰামপুৰৰ পৰা তামাৰহাট অভিমুখে আছিল । ইফালে হৰিপুৰৰ পৰা হাতীধুৰা বজাৰত গৈ আছিল চাইকেল আৰোহী জন । সংকটজনক অৱস্থাত চাইকেল আৰোহী জনক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande