সৰুপথাৰত বাৰঘৰীয়া বেবেজীয়াৰ পৰা পদুমপথাৰ সংযোগী দৈয়াং নৈৰ ওপৰত এখন দলং নথকাৰ বাবে ৰাইজৰ যমৰ - যন্ত্ৰণা
গোলাঘাট, ০৬ আগষ্ট (হি.স.)। ৰাজ্য চৰকাৰৰ উন্নয়নৰ এখন ফোপোলা প্ৰতিচ্ছবি । সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বাৰঘৰীয়া বেবেজীয়াৰ পৰা পদুমপথাৰ সংযোগী দৈয়াং নৈৰ ওপৰত থকা ১নং চাইলা ঘাটত এখন দলং নথকাৰ বাবে ৰাইজে দশক দশক ধৰি যমৰ - যন্ত্ৰণাত ভুগিব লগা হৈছে সৰুপথাৰ
সৰুপথাৰত বাৰঘৰীয়া বেবেজীয়াৰ পৰা পদুমপথাৰ সংযোগী দৈয়াং নৈৰ ওপৰত এখন দলং নথকাৰ বাবে ৰাইজৰ যমৰ - যন্ত্ৰণা


গোলাঘাট, ০৬ আগষ্ট (হি.স.)। ৰাজ্য চৰকাৰৰ উন্নয়নৰ এখন ফোপোলা প্ৰতিচ্ছবি । সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বাৰঘৰীয়া বেবেজীয়াৰ পৰা পদুমপথাৰ সংযোগী দৈয়াং নৈৰ ওপৰত থকা ১নং চাইলা ঘাটত এখন দলং নথকাৰ বাবে ৰাইজে দশক দশক ধৰি যমৰ - যন্ত্ৰণাত ভুগিব লগা হৈছে সৰুপথাৰ আৰু গোলাঘাট সমষ্টিৰ ৰাইজে । সৰুপথাৰ সমষ্টিৰ পৰা গোলাঘাট সমষ্টি সংযোগী ঘাটটোত বহু বছৰৰ পৰা আৱেদন কৰিও ৰাইজে পোৱা নাই এখন দলং ।

খৰালি সময়ত এখন বাঁহৰ দলঙেৰে যাতায়ত কৰিব লগিয়া হয় দুয়োটা সমষ্টিৰ ৰাইজে । বাৰিষা এখন তুলুঙা নাওঁৰে দৈয়াং নৈৰ ওপৰেদি মৰণক শৰণ দি যাত্ৰা কৰিব লগা হয় বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। বাৰিষা দৈয়াং নৈ ওফন্দি উঠে। ইপিনে নগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্প (NEEPCO) ৰ গেট খুলি দিয়াৰ ফলত সম্প্ৰতি ফেনে-ফোটোকাৰে ওফন্দিছে দৈয়াং।

ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে বিপদসংকূল যাতায়ত কৰিবলগীয়া হৈছে। দীৰ্ঘদিন ধৰি ৰাইজে এখন পকী দলং নিৰ্মাণৰ দাবী জনাই আহিছে যদিও বৰ্তমানো নিৰ্মাণ হোৱা নাই এখন পকী দলং। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে গোলাঘাট সমষ্টিৰ বিধায়ক আজন্তা নেওঁগক উক্ত স্থানত এখন পকী দলং দিবলৈ দাবী জনাইছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande