
নগাঁও, ০৬ আগষ্ট (হি.স.)। নগাঁও পুৰণিগুদাম ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী চুইফ্ট বাহনৰ খুন্দাত নিহত এজন। নিহত লোকজনক পুৰণিগুদাম মুঢ়ানিৰ বিপিন গায়ন বুলি চিনাক্ত কৰা হৈছে। লোকজনে পথ পাৰ হবলৈ ধৰোতেই সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ এমএল ০৫ এএইছ ৪১৮৮।
ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ