মৰিয়নি ত ৰেলৰ খুন্দাত নিহত এজন
যোৰহাট, ৬ আগষ্ট (হি.স.)। মৰিয়নিত ৰেলৰ খুন্দাত নিহত এজন লোক। আজি পুৱা মৰিয়নিৰ পৰা গুৱাহাটী অভিমুখী ১৫৬৬৬ নম্বৰৰ বিজি এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত হয় মৰিয়নি কাটনিবাৰীৰ দ্বিজেন ভৰদ্বাজ নামৰ লোকজনৰ। প্ৰাত: ভ্ৰমণ কৰি ঘৰলৈ উভতি অহাৰ সময়ত ৰেলৱে ট্ৰ
মৰিয়নি ত ৰেলৰ খুন্দাত নিহত এজন


যোৰহাট, ৬ আগষ্ট (হি.স.)। মৰিয়নিত ৰেলৰ খুন্দাত নিহত এজন লোক। আজি পুৱা মৰিয়নিৰ পৰা গুৱাহাটী অভিমুখী ১৫৬৬৬ নম্বৰৰ বিজি এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত হয় মৰিয়নি কাটনিবাৰীৰ দ্বিজেন ভৰদ্বাজ নামৰ লোকজনৰ। প্ৰাত: ভ্ৰমণ কৰি ঘৰলৈ উভতি অহাৰ সময়ত ৰেলৱে ট্ৰেকত দূৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

খবৰ অনুসৰি শাৰীৰিক ভাৱে অসুস্থ আছিল লোকজন। স্নায়ুৰ অসুবিধা থকাৰ বাবেই ৰেল অহাৰ সময়ত পাৰ হ'ব পৰা নাছিল বুলি সন্দেহ কৰা হৈছে।ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্য়ালয় হস্পিটেললৈ মৃতদেহ প্ৰেৰণ কৰা হৈছে। তদন্ত অব্যাহত ৰেল আৰক্ষীৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande