
কাছাৰ, ০৬ আগষ্ট (হি.স.)। কাছাৰ আৰক্ষীয়ে এন ডি পি এছ আইনৰ অধীনত ৫টা গোচৰ ৰুজু কৰি চলিত মাহৰ ৪ৰ পৰা ৬ আগষ্টৰ ভিতৰত চলা ড্ৰাগছ বিৰোধী অভিযানত ৯জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিব সক্ষম হয়। দুখন বাহনো জব্দ কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি অভিযানৰ সময়ত ২৪২.০৮ গ্ৰাম হেৰ’ইন, ১.২ কিলোগ্ৰাম গাঞ্জা, আৰু ৯ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰা হৈছে। জব্দ কৰা ড্ৰাগছৰ মুঠ আনুমানিক মূল্য ₹৮৫.০১ লাখ।
শিলচৰ থানাত দুটা পৃথক গোচৰত অনুৱাৰা, চুফিয়া, আৰু ছেটাব উদ্দিনক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ হাতৰ পৰা ৮৬.০৭ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হয়।বৰখোলা আৰক্ষীয়ে প্ৰসেনজিত, কনথৌজাম নাংথোইবা, আৰু কে এছ এইচ পিটাৰক গ্ৰেপ্তাৰ কৰি ৬.৪১ গ্ৰাম হেৰ’ইন জব্দ কৰে। আন এটা গোচৰত শিলচৰ আৰক্ষীয়ে সৌৰভক গ্ৰেপ্তাৰ কৰি ১.২ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে।
জিৰিঘাট আৰক্ষীয়ে সজ্জাদুল আলম আৰু ৰাজৌল কৰিমক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৪৯.৬ গ্ৰাম হেৰ’ইন আৰু ৯ হাজাৰ ইয়াবা টেবলেট উদ্ধাৰ কৰে।আৰক্ষীয়ে সকলো গোচৰতে এন ডি পি এছ আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰি অধিক তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ