
নগাঁও, ০৬ আগষ্ট (হি.স.)। গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য নামিল এইবাৰ চাইবাৰ অপৰাধত।
নগাঁও জিলাৰ আলিটাঙনী জামুগুৰি গাঁও 'পঞ্চায়তৰ সদস্য জড়িত হ'ল চাইবাৰ অপৰাধৰ সৈতে'।
নিশা উতপ্ত পৰিস্থিতিত, খেদি খেদি ৰাইজে আটক কৰে চাইবাৰ অপৰাধীক।
ৰাইজৰ পৰা আধাৰ কাৰ্ড সংগ্ৰহ কৰি চাইবাৰৰ জৰিয়তে মেলিছিল কোটি কোটি টকাৰ লুণ্ঠনৰ জাল।
প্ৰতিজন ব্যক্তিৰ পৰা চৰকাৰী আঁচনি প্ৰদানৰ নামত সংগ্ৰহ কৰিছিল আধাৰ কাৰ্ড আৰু পান কাৰ্ড। জব কাৰ্ড বনোৱাৰ নামত সেই আধাৰ কাৰ্ড পান কাৰ্ড ব্যৱহাৰ কৰি কৌশলেৰে বিভিন্ন কম্পানীৰ পৰা ঋন লৈ সহজ সৰল ৰাইজক প্ৰবঞ্চনা কৰাৰ অভিযোগ।
ৰাইজৰ সন্দেহ ওপজাত ৰাইজে কৰায়ত্ত কৰি চাইবাৰ অপৰাধীক চমজাই দিলে বটদ্ৰৱা আৰক্ষীক।
ঘটনা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষী থানাত নিশাই চামচুন নেহা, আজিজুল ইছলাম, লাল চান্দ বাটচা আৰু জহিৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে স্থানীয় ৰাইজে।
ইয়াৰে ছামচুন নেহা আৰু জহিৰুল ইছলাম হৈছে আলিটাঙনী জামুগুৰি গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য।
ৰাইজৰ দাবী ৰাইজৰ জনপ্ৰতিনিধি হৈ চাইবাৰৰ সৈতে জড়িত হৈ ৰাইজক ঠগ প্রবঞ্চনা কৰি নথি পত্র সংগ্ৰহ কৰা ৱাৰ্ড সদস্যৰ লগতে চাইবাৰ অপৰাধীক কঠোৰ শাস্তি প্রদান কৰক আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা