বাক্সাৰ শিমলাৰ ধেমধেমাত চাঞ্চল্যকৰ হত্যাকাণ্ড
বাক্সা, ০৬ আগষ্ট (হি.স.)। বাক্সাৰ শিমলাৰ ধেমধেমাত কালি এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। মাণিক বড়ো নামৰ এগৰাকী লোকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা। মাছ মৰাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈ সংঘটিত হয় উক্ত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটন
বাক্সাৰ শিমলাৰ ধেমধেমাত চাঞ্চল্যকৰ হত্যাকাণ্ড


বাক্সা, ০৬ আগষ্ট (হি.স.)। বাক্সাৰ শিমলাৰ ধেমধেমাত কালি এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। মাণিক বড়ো নামৰ এগৰাকী লোকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা। মাছ মৰাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈ সংঘটিত হয় উক্ত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। ধেমধেমা গাঁওৰে স্বামী- স্ত্ৰী মনোৰঞ্জন দাস আৰু চন্দনা দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ।

ইতিমধ্যে শিমলা আৰক্ষীয়ে আটক কৰিছে স্বামী-স্ত্ৰী মনোৰঞ্জন দাস আৰু চন্দনা দাসক। সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত দুয়োকে ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে। আনফালে হত্যাৰ বলি হোৱা মাণিক বড়োৰ পত্নী আৰু পুত্ৰক উপৰ্যুপৰি আক্ৰমণ কৰাৰ অভিযোগ। ঘটনাস্থলীত শিমলা আৰক্ষীৰ লগতে বাক্সা জিলা আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতীম বৰুৱা উপস্থিত। আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব এই হত্যাকাণ্ডৰ সৈতে আৰু কোন জড়িত আছে।

ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীক ঘটনাৰ উচিত তদন্ত কৰি ন্যায় দিবলৈ অনুৰোধ জনোৱাৰ উপৰিদোষীৰ উচিত শাস্তি বিচাৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande