সমগ্ৰ শোণিতপুৰ জিলাত মুখ্যমন্ত্ৰীৰ নিজুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ নিজুত বাবু আঁচনিৰ অধীনত আবেদন-পত্ৰৰ জিলা পৰ্যায়ৰ আনুষ্ঠানিক বিতৰণ
শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি সমগ্ৰ শোণিতপুৰ জিলাত মুখ্যমন্ত্ৰীৰ নিজুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ নিজুত বাবু আঁচনিৰ অধীনত আবেদন-পত্ৰৰ জিলা পৰ্য
মুখ্যমন্ত্ৰীৰ নিজুত মইনা  আৰু  নিজুত বাবু আঁচনিৰ


শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি সমগ্ৰ শোণিতপুৰ জিলাত মুখ্যমন্ত্ৰীৰ নিজুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ নিজুত বাবু আঁচনিৰ অধীনত আবেদন-পত্ৰৰ জিলা পৰ্যায়ৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ সকলো বিধানসভা সমষ্টি সামৰি মহাবিদ্যালয়, শোণিতপুৰ পলিটেকনিক আৰু তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি মুঠ ১২খন উচ্চ শিক্ষানুষ্ঠানত আনুষ্ঠানিক কাৰ্যসূচীৰ আয়োজন কৰা হয়।

এই শিক্ষানুষ্ঠানসমূহ হৈছে— চতিয়া মহাবিদ্যালয়; শিক্ষক শিক্ষণ মহাবিদ্যালয়; তেজপুৰ, দৰং মহাবিদ্যালয়; চৰকাৰী আদৰ্শ মহাবিদ্যালয়, বৰছলা-ডুমডুমা; চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, বালিপৰা; এল জি বি বালিকা মহাবিদ্যালয়; লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়; ৰঙাপৰা মহাবিদ্যালয়; শোণিতপুৰ পলিটেকনিক; তেজপুৰ মহাবিদ্যালয়; তেজপুৰ বিশ্ববিদ্যালয় আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ একে সময়তে জিলাখনৰ সকলো আনুষ্ঠানিক অনুষ্ঠানস্থলৰ লগতে সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰদৰ্শন কৰা হয়। পোনপটীয়া সম্প্ৰচাৰৰ অন্তত উচ্চ শিক্ষানুষ্ঠানসমূহৰ যোগ্য ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই আঁচনিৰ অধীনত আবেদন-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।

আনহাতে, আঁচনি দুটাৰ অধীনত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ যোগ্য ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আবেদন-পত্ৰ ৭ আগষ্ট, ২০২৬ তাৰিখে বিতৰণ কৰা হ'ব। দৰং মহাবিদ্যালয়ত অনুষ্ঠিত আনুষ্ঠানিক কাৰ্যসূচীত শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সমাজকৰ্মী শ্ৰী অভিজিত কলিতাই যোগ্য ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে আবেদন-পত্ৰ বিতৰণ কৰে। শোণিতপুৰ পলিটেকনিক, তেজপুৰ বিশ্ববিদ্যালয় আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত ক্ৰমে বৰছলা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী ঋতুবৰণ শৰ্মা, তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী পৃথ্বিৰাজ ৰাভা আৰু নদুৱাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকাই অংশগ্ৰহণ কৰে।

অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত চতিয়া পৌৰসভাৰ সভানেত্ৰী শ্ৰীমতী দীপশিখা সন্দিকৈয়ে চতিয়া মহাবিদ্যালয়ত, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী মনীষা উপাধ্যায়ে শিক্ষক শিক্ষণ মহাবিদ্যালয়, তেজপুৰত, ঢেকিয়াজুলি আঞ্চলিক পঞ্চায়তৰ সভাপতি শ্ৰী হেমন্ত ডেকাই চৰকাৰী আদৰ্শ মহাবিদ্যালয়, বৰছলা-ডুমডুমাত, তেজপুৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি শ্ৰী বিশ্বদেৱ ভট্টাচাৰ্যই চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, বালিপৰাত অংশগ্ৰহণ কৰে। ইয়াৰোপৰি সমাজকৰ্মী, শ্ৰীমতী মধুস্মিতা ডেকা আৰু শ্ৰী জন শইকীয়াই ক্ৰমে এল জি বি বালিকা মহাবিদ্যালয় আৰু লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

আনহাতে, তেজপুৰ পৌৰসভাৰ সভাপতি শ্ৰী ৰমেন তামুলী আৰু এ এছ আই ডি চিৰ অধ্যক্ষ শ্ৰী কিশোৰ উপাধ্যায়ে তেজপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শোণিতপুৰ জিলা প্ৰশাসন, সম-জিলা প্ৰশাসন আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও নিৰ্দিষ্ট অনুষ্ঠানসমূহত উপস্থিত থাকি সমগ্ৰ জিলাজুৰি আবেদন-পত্ৰৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande