লংকাত চলন্ত বিলাসী বাহনত সংঘটিত অগ্নিকাণ্ড
হোজাই, ০৬ আগষ্ট (হি.স.)। লংকাৰ ১ নং ৰেল গেটৰ ওপৰৰ উৰণ সেতুৰ ওপৰত বিলাসী বাহনত জুই । এখন চলন্ত বিলাসী বাহনত সংঘটিত হৈছে অগ্নিকাণ্ড । এম জি হেক্টৰ বিলাসী বাহনত উক্ত জুইৰ সূত্ৰপাত । লংকা চহৰৰ সমাজ কল্যন বিভাগৰ অংগনবাড়ী সাক্ষাৎকাৰ পৰ্বত অংশগ্ৰহণ কৰি
লংকাত চলন্ত বিলাসী বাহনত সংঘটিত অগ্নিকাণ্ড


হোজাই, ০৬ আগষ্ট (হি.স.)। লংকাৰ ১ নং ৰেল গেটৰ ওপৰৰ উৰণ সেতুৰ ওপৰত বিলাসী বাহনত জুই । এখন চলন্ত বিলাসী বাহনত সংঘটিত হৈছে অগ্নিকাণ্ড । এম জি হেক্টৰ বিলাসী বাহনত উক্ত জুইৰ সূত্ৰপাত । লংকা চহৰৰ সমাজ কল্যন বিভাগৰ অংগনবাড়ী সাক্ষাৎকাৰ পৰ্বত অংশগ্ৰহণ কৰি ৫ জন আৰোহী বাহনত ঘৰলৈ উভটি আহিছিল ।

কথমপিহে ৰক্ষা পৰে মহিলা,পুৰুষ আৰোহী সকল । বাহন খনৰ গৰাকী লংকাৰ নখুটিৰ চাৰ্কে বস্তিৰ জগদীশ চাকমা বুলি জানিব পৰা গৈছে ।

বাহন খনৰ নম্বৰ হʼল এএছ ০১এফএক্স ৯১৭০ নম্বৰ বাহন। ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনত নামে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande