
আইজল, ০৬ আগষ্ট (হি.স.)। আইজলৰ শুল্ক বিভাগৰ সৈতে যৌথ অভিযান চলাই মিজোৰামৰ ছাইতুৱেল জিলাৰ কাউলবেম অঞ্চলৰ পৰা প্ৰায় ১.৫৬ কোটি টকাৰ চুপাৰি জব্দ কৰে।
বৃহস্পতিবাৰে প্ৰকাশ পোৱা চৰকাৰী তথ্য অনুসৰি যোৱা ৪ আগষ্টত এই অভিযান চলোৱা হৈছিল । দুখন কাৰ্গো ট্ৰাক ৰখাই তালাচী চলোৱা হৈছিল। এই তালাচীত ৩২০ টা বস্তাত পেক কৰা ২২,৪০০ কেজি চুপাৰি উদ্ধাৰ কৰা হয় ।
এই অভিযানৰ সময়তে গ্ৰেপ্তাৰ হয় দুজন লোকক । জব্দ কৰা চুপাৰী, দুয়োখন বাহন আৰু ধৃত অভিযুক্তক অধিক আইনী ব্যৱস্থাৰ বাবে আইজলৰ শুল্ক বিভাগক গতাই দিয়ে।
অসম ৰাইফলছে উল্লেখ কৰে যে এই অভিযানে সীমান্ত অঞ্চলত চোৰাং ব্যৱসায়ক ফলপ্ৰসূভাৱে ৰোধ কৰাৰ লগতে সীমান্ত সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে ।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ