
যোৰহাট, ০৬ আগষ্ট (হি.স.)। তিতাবৰত চাঞ্চল্যকৰ সন্ধানহীনৰ ঘটনা। বিগত ৪০ দিন ধৰি সন্ধানহীন হৈ আছে এগৰাকী মাতৃ আৰু তেওঁৰ দুগৰাকী নাবালক সন্তান। পত্নী-সন্তানক হেৰুৱাই দিশহাৰা হৈ পৰিছে পৰিয়ালৰ লোক। তিতাবৰ পাণবাৰী চাহ বাগিচাত সংঘটিত হৈছে উক্ত ঘটনা। সন্ধানহীন হোৱা মহিলা গৰাকীৰ নাম ৰঞ্জু তাছা। তেওঁৰ লগতে নিৰুদ্দেশ হৈ আছে তেওঁৰ কন্যা আৰু পুত্ৰ।
পৰিয়ালৰ মতে, যোৱা ২৯ জুন তাৰিখে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যোৱাৰ কথা কৈ ঘৰৰ পৰা ওলাই গৈছিল তিনিওজন। তাৰ পিছৰে পৰা তেওঁলোকৰ কোনো খবৰ নাই। পত্নী আৰু সন্তানক বিচাৰি ইতিমধ্যে পৰিয়ালে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কিন্তু প্ৰায় ৪০ দিন অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে বৰ্তমানলৈকে কোনো সূত্ৰ উলিয়াব পৰা নাই।
ঘটনাটোক লৈ পাণবাৰী চাহ বাগিচা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অতি শীঘ্ৰেই সন্ধানহীন তিনিওজনক উদ্ধাৰ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। কোনো লোকে যদি ৰঞ্জু তাছা আৰু তেওঁৰ দুই সন্তানৰ বিষয়ে কিবা তথ্য পায়, তেন্তে নিকটৱৰ্তী আৰক্ষী চকীত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ