
ইম্ফল, ০৬ আগষ্ট (হি.স.)। মণিপুৰ আৰক্ষীয়ে কাকচিং জিলাত অভিযান চলাই ২৯০ লিটাৰ অবৈধ ডি আই চি সুৰাসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। লগতে জব্দ কৰে এখন মাৰুতি আলটো গাড়ী।
বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, ৱাইখং থানা এলেকাৰ আইহাং অঞ্চলত থংজাও মামাং লেইকাইৰ বাসিন্দা লেইমাপকপাম অলিন মেইটেই (৩৪)ক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ হাতত ২৯০ লিটাৰ ডি আই চি সুৰা আৰু এম এন-০৩-পি-৫৮৮৪ নম্বৰৰ এখন মাৰুতি আলটো গাড়ী উদ্ধাৰ কৰে।
বৰ্তমান আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অধিক তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ