
ইম্ফল, ০৬ আগষ্ট (হি.স.)। এক বৃহৎ কার্যসূচীত মণিপুৰ আৰক্ষীয়ে দিল্লীৰ পৰা ইণ্ডিগো বিমানেৰে ইম্ফল বিমানবন্দৰত উপস্থিত হোৱা ১৫ জন লোকক (৬গৰাকী মহিলা আৰু ৯ জন পুৰুষ) আটক কৰে৷ ডেছামৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
বৃহস্পতিবাৰে মণিপুৰ আৰক্ষী সূত্ৰই জনোৱা মতে, আৰক্ষীয়ে যাত্ৰী সকলৰ ৭৯ টা লাগেজত তালাচী চলাই মুঠ ৫১৯টা বটল ভাৰতত নিৰ্মিত বিদেশী সুৰা (আই এম এফ এল) উদ্ধাৰ কৰে। জব্দ কৰা সুৰাৰ ভিতৰত জেক ডেনিয়েলছ, জেমছন, জনী ৱাকাৰ, গ্লেনলিভেট, গ্লেনফিডিচ, গ্লেনমৰাঞ্জী, মাংকি শ্বোল্ডাৰ, স্মিৰনফ, এবছলট ভডকা, জেকবছ ক্ৰিক ৱাইন, ব্লু লেবেল, ব্লেক লেবেলকে ধৰি কেইবাটাও প্ৰিমিয়াম ব্ৰেণ্ড আছে।
আটকাধীন আটাই কেইজন ব্যক্তি আৰু জব্দ কৰা সুৰাখিনি অধিক ব্যৱস্থা গ্ৰহণৰ বাবে চিংজামেই থানাত গতাই দিয়া হৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিষয়টোৰ তদন্ত অব্যাহত আছে আৰু তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত জব্দ কৰা সুৰা আৰু সংশ্লিষ্ট ব্যক্তি সকলক প্ৰয়োজনীয় আইনী ব্যৱস্থাৰ বাবে আবকাৰী বিভাগক গতাই দিয়া হ’ব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ