
- বিয়লি ৪ বজাত মানস ভৱনত অনুষ্ঠিত হ’ব পুৰস্কাৰ সমাৰোহ
ভূপাল, ০৬ আগষ্ট (হি.স.)। প্ৰখ্যাত জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক আৰু ৰাষ্ট্ৰীয় চিন্তাবিদ ৰাম বাহাদুৰ ৰায়ক আজি মধ্য প্ৰদেশ চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনস্থ তুলসী গৱেষণা প্ৰতিষ্ঠানে ২০২৬ বৰ্ষৰ বাবে ‘পদ্মভূষণ যুগতুলসী পণ্ট.ৰামকিঙ্কৰ উপাধ্যায় ৰাষ্ট্ৰীয় বঁটা'ৰে সন্মানিত কৰিব।
মধ্যপ্ৰদেশ জনজাতি সংগ্ৰহালয়ৰ সঞ্চালক ড০ ধৰ্মেন্দ্ৰ পাৰেয়ে জনোৱা মতে, ভূপালৰ তুলসী মানস প্ৰতিষ্ঠানত অৱস্থিত মানস ভৱনত বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ’ব এই পুৰস্কাৰ প্ৰদান অনুষ্ঠান। অনুষ্ঠানত ৰাষ্ট্ৰীয় চিন্তাবিদ ৰাম বাহাদুৰ ৰায়ক ‘পদ্মভূষণ যুগতুলসী পণ্ট. ৰামকিংকৰ উপাধ্যায় ৰাষ্ট্ৰীয় বঁটা' ২০২৬ বৰ্ষৰ বাবে প্ৰদান কৰা হ’ব।
উল্লেখ্য যে ১৯৪৬ চনৰ ১ জুলাইত গাজীপুৰ (উত্তৰ প্ৰদেশ)ত জন্মগ্ৰহণ কৰা ৰাম বাহাদুৰ ৰায় এগৰাকী হিন্দীৰ জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক, চিন্তাবিদ। বৰ্তমান তেওঁ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সভাপতি। দেশৰ আটাইতকৈ পুৰণি বহুভাষিক সংবাদ প্ৰতিষ্ঠান হিন্দুস্থান সমাচাৰৰ গ্ৰুপ সম্পাদক। সমাজ, ৰাজনীতি, সমসাময়িক বিষয়ৰ ওপৰত তেওঁৰ লেখা আৰু সম্পাদনাক বহুলভাৱে সন্মান কৰা হয়।
ৰাম বাহাদুৰ ৰায়ে বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত এম এ সম্পূৰ্ণ কৰাৰ পিছত ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাত স্নাতকোত্তৰ ডিপ্লমা লাভ কৰে। সামাজিক খণ্ডলৈ তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। বিহাৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ উপৰি সাংবাদিকৰূপে ১৯৭১ চনত বাংলাদেশ মুক্তি যুদ্ধৰ বাতৰি দিছিল। তেওঁ জে বি কৃপালানী মেম’ৰিয়েল ট্ৰাষ্টৰ ট্ৰাষ্টী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
সাংবাদিকতাৰ ক্ষেত্ৰত বিভিন্ন অৱদান: সংবাদদাতা - জনসত্তা (১৯৮৩), মুখ্য সংবাদদাতা - জনসত্তা (১৯৮৪-৮৬), বিশেষ সংবাদদাতা - নৱভাৰত টাইমছ (১৯৮৬-৯১), ব্যুৰো প্ৰধান - জনসত্তা (১৯৯১-৯৬), সম্পাদক - জনসত্তা সংবাদ সেৱা (১৯৯৬-২০০৪)। তেওঁ প্ৰতিষ্ঠিত কাকত-আলোচনীসমূহৰ বাবে সক্ৰিয়ভাৱে লিখা-মেলা কৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া