

নতুন দিল্লী, ০৬ আগষ্ট (হি.স.)। বিৰোধী সদস্যৰ অব্যাহত থকা হুলস্থুলৰ মাজতে লোকসভাই বৃহস্পতিবাৰে কৰ আৰু অন্যান্য আইন (সংশোধনী) বিধেয়ক, ২০২৬ক ধ্বনি ভোটৰ জৰিয়তে অনুমোদন জনায়। সদনে বিধেয়কখনৰ কিছু সংশোধনীৰ প্ৰস্তাৱ নাকচ কৰে।
লোকসভাত আলোচনা অবিহনে গৃহীত হোৱা এই বিধেয়কখনৰ লক্ষ্য হৈছে পেমেণ্ট এণ্ড ছেটেলমেণ্ট চিষ্টেমছ এক্ট, ২০০৭ সংশোধন কৰি ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ (ইউপিআই)ত মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট (এমডিআৰ) আৰোপ কৰাৰ অনুমতি দিয়া। এই আইনখন সংশোধন কৰাৰ উপৰিও বিত্ত আইন, ২০২৬, আৰু আয়কৰ আইন, ২০২৫ সংশোধন কৰাৰ লগতে বিদেশী বিনিয়োগকাৰীক কৰ ৰেহাই প্ৰদানৰ বাবে জুন মাহত জাৰি কৰা অধ্যাদেশ বাতিল কৰাৰ প্ৰস্তাৱো বিধেয়কখনে আগবঢ়াইছে।
মঙলবাৰে লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কৰ আৰু অন্যান্য আইন (সংশোধনী) বিধেয়ক ২০২৬ উত্থাপন কৰে। এই বিধেয়কখন সদনত উত্থাপন কৰাৰ সময়ত সীতাৰমণে উল্লেখ কৰে যে চৰকাৰে ‘কৰ আৰু অন্যান্য আইন (সংশোধনী) বিধেয়ক, ২০২৬’ উত্থাপন কৰাৰ উদ্দেশ্য আছিল দেশৰ কৰ ব্যৱস্থাত বৃহৎ পৰিৱৰ্তনৰ প্ৰস্তাৱ দিয়া। তেওঁ কয় যে এই বিধেয়কখন উত্থাপন কৰাৰ উদ্দেশ্য আছিল উৎপাদনক প্ৰসাৰিত কৰা, বিদেশী বিনিয়োগক আকৰ্ষণ কৰা, আৰু ইলেক্ট্ৰনিকছ উৎপাদন আৰু ডিজিটেল আন্তঃগাঁথনিৰ দৰে উদীয়মান খণ্ডসমূহক সমৰ্থন কৰা। বিত্তমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ উদ্দেশ্য হৈছে পুঁজি পৰিচালনাৰ নিয়ম সৰল কৰা, কৰ প্ৰৰোচনা বৃদ্ধি কৰা, আৰু কিছুমান বিদেশী সত্তাক ৰেহাই প্ৰদান কৰা।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ