গোল্ড ষ্টাৰ পানীৰ বটলত ওলাল জেঠী, অসুস্থ শিশু
Gold Star' পানীৰ বটলত ওলাল জেঠী, অসুস্থ শিশু।
গোল্ড ষ্টাৰ পানীৰ বটলত ওলাল জেঠী, অসুস্থ শিশু


গোলাঘাট, ০৬ আগষ্ট (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত যোৱা কালি বুধবাৰে বিয়লি গোল্ড ষ্টাৰ কোম্পানীৰ পানীৰ বটলত জেঠী ওলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই পানী সেৱন কৰি এটি শিশু অসুস্থ হৈ পৰে ।

প্ৰাপ্ত তথ্য়মতে, দেৰগাঁৱৰ ডুবিয়াল গাঁৱৰ যদুমণি বৰা নামৰ লোকজনে কুৰালগুৰিৰ এখন দোকানৰ পৰা ক্ৰয় কৰা 'গোল্ড ষ্টাৰ' বটলৰ পানী খোৱাৰ পিছতেই বৰাৰ পুত্ৰ অসুস্থ হৈ পৰে। ইয়াৰ পিছতে পৰিয়ালৰ লোকসকলে বটলটোত জেঠী থকা প্ৰত্যক্ষ কৰি লগে লগে দেৰগাঁও থানাত লিখিত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ফেক্টৰীটোৰ স্বত্বাধিকাৰী ললিত আগৰৱালাক সোধ-পোচ অব্যাহত ৰাখিছে।

ইফালে, স্থানীয় ফেক্টৰীটোৰ পানীৰ অস্বাস্থ্যকৰ মানক লৈ জনসাধাৰণৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল’বলৈ দাবী জনাইছে সজাগ নাগৰিকসকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande