কোকৰাঝাৰৰ বিভিন্ন শিক্ষানুষ্ঠানত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ
কোকৰাঝাৰ, ০৬আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বৰ্ষ ২০২৫-২৬ ৰ শিক্ষাৰ্থীক মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ অনুষ্ঠানৰ সমান্তৰালকৈ কোকৰাঝাৰতো বিভিন্ন শিক্ষানুষ্ঠানত অনুষ্ঠিত হয় আবেদন
কোকৰাঝাৰৰ বিভিন্ন শিক্ষানুষ্ঠানত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ  আবেদন পত্ৰ বিতৰণ


কোকৰাঝাৰ, ০৬আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বৰ্ষ ২০২৫-২৬ ৰ শিক্ষাৰ্থীক মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ অনুষ্ঠানৰ সমান্তৰালকৈ কোকৰাঝাৰতো বিভিন্ন শিক্ষানুষ্ঠানত অনুষ্ঠিত হয় আবেদন পত্ৰ বিতৰণ অনুষ্ঠান।

কোকৰাঝাৰ জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ মাজত কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়িকা শেউলী মহিলাৰী।

বাল্য বিবাহ ৰোধ কৰা লগতে ড্ৰপ আউট ছাত্ৰ ছাত্ৰী প্ৰতিৰোধ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ এই অভিলাষী আঁচনি।

মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ দ্বাৰা কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে।

ভৱিষ্যতে ভাল মানুহ হোৱাৰ সহায়ক হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই অভিলাষী আঁচনি।

আনহাতে কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে বি টি চিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়।

মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ সহায়ত বি টি চিৰ বহু ছাত্ৰ-ছাত্ৰীয়ে উপকৃত হৈছে।

যাৰবাবে মুখ্য মন্ত্ৰীক কৃত্যগতা জনাব লাগিব।

বি টি চি চৰকাৰেও ইতিমধ্যে ইউপিএছচি , এপিএছচি , আই আই টি আদি মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande