ড০ কে লক্ষ্মণৰ ৰাজ্যসভাত সন্ত সেৱালাল মহাৰাজৰ বাবে ৰাষ্ট্ৰীয় সন্মানৰ দাবী উত্থাপন
নতুন দিল্লী, ০৬ আগষ্ট (হি.স.)। ৰাজ্যসভাত বৃহস্পতিবাৰে শূন্য ঘন্টাৰ সময়ত বিজেপি সংসদীয় ব’ৰ্ডৰ সদস্য, ৰাজ্যসভাৰ সাংসদ, বিজেপি অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আৰু ৰাজ্যসভা সদন সমিতিৰ অধ্যক্ষ ড০ কে লক্ষ্মণে সন্ত সেৱালাল মহাৰাজৰ বাবে ৰাষ্ট্ৰীয় সন্ম
राज्य सभा सदस्य के लक्ष्मण


নতুন দিল্লী, ০৬ আগষ্ট (হি.স.)। ৰাজ্যসভাত বৃহস্পতিবাৰে শূন্য ঘন্টাৰ সময়ত বিজেপি সংসদীয় ব’ৰ্ডৰ সদস্য, ৰাজ্যসভাৰ সাংসদ, বিজেপি অ’বিচি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আৰু ৰাজ্যসভা সদন সমিতিৰ অধ্যক্ষ ড০ কে লক্ষ্মণে সন্ত সেৱালাল মহাৰাজৰ বাবে ৰাষ্ট্ৰীয় সন্মানৰ এক গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে।

ড° লক্ষ্মণে কয় যে বঞ্জৰা জনগোষ্ঠীৰ এজন শ্ৰদ্ধাৰ সন্ত আৰু মহান সমাজ সংস্কাৰক সন্ত সেৱালাল মহাৰাজে দৰিদ্ৰ, জনজাতীয় জনগোষ্ঠী, আৰু অভাৱগ্ৰস্ত লোকসকলৰ উত্থানৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ সত্য, সমতা, সামাজিক সম্প্ৰীতি, আত্মনিৰ্ভৰশীলতা, প্ৰকৃতিৰ প্ৰতি সন্মান আদি জীৱন মূল্যবোধৰ প্ৰচাৰ কৰিছিল। তেওঁৰ চিন্তা আৰু শিক্ষাই তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থানকে ধৰি দেশৰ বহু ৰাজ্যৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে।

ড০ লক্ষ্মণে কেন্দ্ৰীয় চৰকাৰক সন্ত সেৱালাল মহাৰাজৰ জন্ম বাৰ্ষিকীক ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষণা কৰা, তেওঁৰ শিক্ষাৰ ব্যাপক প্ৰচাৰৰ বাবে সমগ্ৰ দেশতে স্মৃতিচাৰণ আৰু সজাগতামূলক কাৰ্যসূচী আয়োজন কৰা, আৰু তেওঁৰ জীৱন, দৰ্শন, আৰু সামাজিক অৱদানৰ ওপৰত গৱেষণা, প্ৰকাশন, আৰু শৈক্ষিক কাৰ্য্যকলাপক উৎসাহিত কৰাকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁ সন্ত সেৱলালৰ সন্মানত স্মৃতিচাৰণ ডাক টিকট জাৰি কৰাৰ দাবী জনায়।

ড° লক্ষ্মণে উল্লেখ কৰে যে সন্ত সেৱালাল মহাৰাজক ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান জনোৱাটো তেওঁৰ সামাজিক ন্যায়, জাতীয় ঐক্য, সেৱা, আৰু সম্প্ৰীতিৰ উচ্চ আদৰ্শৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ’ব। দীৰ্ঘদিনীয়া এই দাবীক সহানুভূতিৰে বিবেচনা কৰি অনতিপলমে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande