জুৰীয়াত পানীত পৰি অকাল মৃত্যু দুই শিশুৰ
নগাও, ০৬ আগষ্ট (হি.স.)। জুৰীয়াত পানীত পৰি অকাল মৃত্যু দুই ফুলকুমলীয়া শিশুৰ। জুৰীয়াৰ কাষৰীত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। খেলি থকা অৱস্থাতে পানীত পৰি অকাল মৃত্যুক সাবটি ল’লে দুটিকৈ ফুলকুমলীয়া শিশুৱে। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ প
জুৰীয়াত পানীত পৰি অকাল মৃত্যু দুই শিশুৰ


নগাও, ০৬ আগষ্ট (হি.স.)। জুৰীয়াত পানীত পৰি অকাল মৃত্যু দুই ফুলকুমলীয়া শিশুৰ।

জুৰীয়াৰ কাষৰীত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। খেলি থকা অৱস্থাতে পানীত পৰি অকাল মৃত্যুক সাবটি ল’লে দুটিকৈ ফুলকুমলীয়া শিশুৱে। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। পুৱা প্ৰায় ১০:০০ বজাত ঘৰৰ ওচৰতে খেলি থকা অৱস্থাতে শিশু দুটি অনাকাংক্ষিতভাৱে পানীত পৰি যায়।

অকাল মৃত্যুক সাবটি লোৱা শিশু দুটি একেখন ঘৰৰে দুই ভাই-ককাইৰ সন্তান বুলি জানিব পৰা গৈছে। মৃত শিশু দুটিৰ মাহিৰ আহম্মেদ বয়স ২ বছৰ ৬মাহ আৰু হানিফা ফাইজান বয়স ৩ বছৰ ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে জুৰীয়া আৰক্ষীৰ এটা দল ততালিকে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি বুজ লয়। আৰক্ষীয়ে শিশু দুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande