পুনৰ আৰম্ভ অমৰনাথ যাত্ৰা, জম্মুৰ পৰা বালতাললৈ ৰাওনা ১৮০১ গৰাকী তীৰ্থযাত্ৰী
জম্মু, ০৬ আগষ্ট (হি.স.)। জম্মু-কাশ্মীৰত ৫ আগষ্টত ৩৭০ আৰু ৩৫এ অনুচ্ছেদ বাতিলৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে বুধবাৰে নিৰাপত্তাজনিত কাৰণত এদিনৰ বাবে বন্ধ হৈ থকা বাৰ্ষিক শ্ৰী অমৰনাথ যাত্ৰা বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হয়। জম্মুৰ ভাগৱতী নগৰৰ যুটীয়া আৰক্ষী ন
सांकेतिक।


জম্মু, ০৬ আগষ্ট (হি.স.)। জম্মু-কাশ্মীৰত ৫ আগষ্টত ৩৭০ আৰু ৩৫এ অনুচ্ছেদ বাতিলৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে বুধবাৰে নিৰাপত্তাজনিত কাৰণত এদিনৰ বাবে বন্ধ হৈ থকা বাৰ্ষিক শ্ৰী অমৰনাথ যাত্ৰা বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হয়। জম্মুৰ ভাগৱতী নগৰৰ যুটীয়া আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ তথ্য অনুসৰি, কটকটীয়া নিৰাপত্তাৰ মাজতে পুৱা ২:৪৫ বজাত ভাগৱতী নগৰ যাত্ৰী নিৱাসৰ পৰা ২৮ নং গোটৰ তীৰ্থযাত্ৰী বালতাল বেচ কেম্পলৈ ৰাওনা হয়।

বিষয়াসকলৰ মতে, আজি পেহেলগাম পথৰ বাবে কোনো বেটচ তীৰ্থযাত্ৰী প্ৰেৰণ কৰা হোৱা নাই। বালতাললৈ যোৱা মুঠ ১৮০১ গৰাকী তীৰ্থযাত্ৰীৰ ভিতৰত আছে ১,৩৪৭ জন পুৰুষ, ৩৫১ জন মহিলা, ৮৯ জন সাধু, আৰু ১৪ জন সাধ্বী। ৭৪খন বাহনত ভক্তসকলক প্ৰেৰণ কৰা হয়। বাহনসমূহৰ ভিতৰত আছে ৪০খন বাছ, ১২খন মজলীয়া মটৰ গাড়ী, ১৯খন লঘু মটৰ গাড়ী আৰু তিনিখন দুচকীয়া বাহন। এই কনভয়ৰ সৈতে জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান আছে।

এইখন হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ তীৰ্থযাত্ৰা। জম্মু-কাশ্মীৰৰ বৰফেৰে আবৃত পাহাৰত অৱস্থিত ভগৱান শিৱ (বাবা বৰফানী)ৰ গুহা পৰিদৰ্শন কৰিবলৈ প্ৰতি বছৰে আয়োজন কৰা হয়। প্ৰতি বছৰে বৰফৰ পৰা প্ৰাকৃতিকভাৱে এটা শিৱলিংগ (হিমলিং) গঠন হয়। অনন্তনাগ জিলাৰ অমৰনাথ গুহা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩,৮৮৮ মিটাৰ উচ্চতাত অৱস্থিত।

এইবাৰ ৩ জুলাইৰ পৰা আৰম্ভ হোৱা অমৰনাথ যাত্ৰা ২৮ আগষ্ট (ৰাখীবন্ধন) পৰ্যন্ত চলিব। অমৰনাথ গুহালৈ যাবলৈ প্ৰধানকৈ দুটা পৰম্পৰাগত পথ আছে। সোণমাৰ্গৰ ওচৰৰ পৰা আৰম্ভ কৰি বালতাল পথটো চুটি কিন্তু ঠেক পথ। বালতালৰ পৰা প্ৰায় ১৪-১৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত অমৰনাথ গুহা। অৱশ্যে পেহেলগাম পথক পৰম্পৰাগত আৰু অধিক সুবিধাজনক পথ বুলি গণ্য কৰা হয়। চন্দনবাড়ীৰ পৰা আৰম্ভ হৈ শ্বীশনাগ আৰু পঞ্চতৰণীৰ দৰে সুন্দৰ এলেকাৰে পাৰ হৈ যায়। তীৰ্থযাত্ৰীসকলে এই পথ সম্পূৰ্ণ কৰিবলৈ তিনিৰ পৰা পাঁচ দিন সময় লয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande