
অধিনায়ক স্বৰূপমৰ অনবদ্য ইনিংছৰে প্ৰথম জয় যোৰহাট ষ্টেলিয়নছৰ
গুৱাহাটী, ০৬ আগষ্ট (হি.স.)। অধিনায়ক স্বৰূপম পুৰকায়স্থৰ বিস্ফোৰক অভিলেখৰ অপৰাজিত ইনিংছৰ সহায়ত যোৰহাট ষ্টেলিয়নছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত [এ পি এল-২০২৬] প্ৰথম জয় সাব্যস্ত কৰিছে ৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত আজি অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত দলে আঠ উইকেটত পৰাস্ত কৰে লীগৰ প্ৰথম দুখন মেচত অপৰাজিত থকা বৰাক লিজেণ্ডছক৷ বিজয়ৰ নায়ক স্বৰূপম মাত্ৰ এক ৰাণৰ বাবে এ পি এলত প্ৰথম শতক অৰ্জন কৰা ক্ৰিকেটাৰ হোৱাৰ গৌৰৱৰ পৰা বঞ্চিত হয় ৷
আকৰ্ষণীয় মেচখনত বৰাক লিজেণ্ডছে দিয়া ১৭১ ৰাণৰ বিজয়লক্ষ্য যোৰহাট ষ্টেলিয়নছে ১৮.২ অভাৰতে দুটা উইকেটত ১৭৪ ৰাণ কৰি সহজতে পূৰ্ণ কৰে৷ যোৰহাটৰ দুই অপেনাৰ স্বৰূপম আৰু উইকেটৰক্ষক বেটাৰ এৰিক ৰয়ে বিস্ফোৰক বেটিং কৰি ইনিংছৰ প্ৰত্যাশিত আৰম্ভনি কৰে৷ উভয় বেটাৰে প্ৰতিটো বলতে শ্বট মাৰি বিপক্ষৰ বলাৰক বিধ্বস্ত কৰাৰ লগতে পাৱাৰ প্লেত এ পি এলৰ সৰ্বাধিক ৬১ ৰাণ সংগ্ৰহ কৰে৷ আঠ অভাৰত ৮২ ৰাণৰ [৪৯ বল] অপেনিং যুটি হোৱাৰ পাছত এৰিক ৪১ ৰাণত আউট হয় ৷ তেওঁৰ ২৬ বলৰ ইনিংছত আছিল দুটা ছিক্সাৰ আৰু পাঁচটা বাউণ্ডেৰী৷
এৰিকৰ বিদায়ৰ পাছতো যোৰহাটৰ ৰাণৰ গতি থমকি ৰোৱা নাছিল৷ অভিজ্ঞ স্বৰূপমে দৃষ্টিনন্দন বেটিং ধাৰা অব্যাহত ৰাখি ২৬ টা বলত এ পি এলৰ দ্ৰুত অৰ্ধশতকটো অৰ্জন কৰে৷ আনহাতে, ৰাজবিৰ সিঙৰ [২০] লগত দ্বিতীয় উইকেটত ৬০ টা বলত ৮৩ ৰাণৰ যুটি বান্ধি দলক বিজয়লক্ষত উপনিত কৰায়৷ ৫৮ টা বল খেলা স্বৰূপমে ১১ টা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰসহ ৯৯ ৰাণ কৰি এ পি এলত শ্ৰেষ্ঠ ব্যক্তিগত ৰাণ কৰা বেটাৰৰূপে পৰিগনিত হয়৷
ইয়াৰপূৰ্বে টছত জয়ী হৈ বৰাক লিজেণ্ডছৰ অধিনায়ক শিৱ শংকৰ ৰয়ে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ৷ দলক অপেনাৰদ্বয় বিশাল সাহা আৰু অমন সিঙে সুন্দৰ আৰম্ভণি দিয়ে৷ উভয় বেটাৰৰ মাজত প্ৰথম উইকেটত ৭০ ৰাণৰ যুটি হয়৷ ২৬ বলত দুটা ছিক্সাৰসহ ২৯ ৰাণ কৰি অমন আউট হয় যদিও বিশালে অধিনায়ক শিৱ শংকৰৰ লগত মিলি পুনৰ দ্বিতীয় উইকেটত ৭১ ৰাণৰ যুটি বান্ধে৷ ৬০ বলত চাৰিটা ছিক্সাৰ আৰু সমসংখ্যক বাউণ্ডেৰীৰে ইনিংছ সজোৱা বিশালে ৭১ ৰাণত পেভিলিয়নমুখি হয় ৷
উল্লেখ্য যে স্বৰূপমৰ ইনিংছৰ পূৰ্বে বিশালেই এ পি এলত সৰ্বাধিক ব্যক্তিগত ৰাণ কৰাৰ অভিলেখ গঢ়িছিল৷ অৱশ্যে ১৫১ ৰাণ কৰি কমলা টুপীৰ দৌৰত শীৰ্ষত আছে বিশাল৷ ইনিংছৰ শেষৰফালে শিৱ শংকৰে বিস্ফোৰক বেটিঙৰে ২৬ টা বলত তিনিটা ছিক্সাৰসহ ৪৫ ৰাণ কৰাৰ বিপৰীতে চাৰিটা বল খেলা সৌৰভ দে দুটা বিশাল ছিক্সাৰ মাৰি ১৪ ৰাণত অপৰাজিত থাকে৷ ২০ অভাৰত বৰাক লিজেণ্ডছে চাৰি উইকেটত ১৭০ ৰাণ কৰে৷
অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী বৰ্ষৰ এ পি এলৰ কাইলৈ দিনৰ দুই হ’বলগা প্ৰথমখন খেলত বৰপেটা ব্ৰেভছে নগাঁও ৰেঞ্জাৰ্ছৰ মুখামুখি হ’ব ৷ ইফালে, নিশা সাত বজাত হ’বলগা দ্বিতীয়খন খেলত চৰাইদেউ ছানৰাইজাৰ্ছে বৰাক লিজেণ্ডছৰ বিৰুদ্ধে খেলিব ৷
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ