স্ব-গণনা প্ৰক্ৰিয়াৰ অংশ হিচাপে শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়াৰ নিৰ্ধাৰিত পৰ্টেলৰ জৰিয়তে নিজৰ স্ব-গণনা সম্পূৰ্ণ
শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। ভাৰতৰ লোকপিয়ল, ২০২৭ (প্ৰথম পৰ্যায়)ৰ গৃহ তালিকা আৰু গৃহ পিয়ল (HLO)-ৰ অধীনত চলি থকা স্ব-গণনা প্ৰক্ৰিয়াৰ অংশ হিচাপে শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া শ্ৰী আনন্দ কুমাৰ দাসে আজি নিৰ্ধাৰিত পৰ্টেল se.c
ভাৰতৰ লোকপিয়ল, ২০২৭


ভাৰতৰ লোকপিয়ল, ২০২৭


শোণিতপুৰ, ০৬ আগষ্ট (হি.স.)। ভাৰতৰ লোকপিয়ল, ২০২৭ (প্ৰথম পৰ্যায়)ৰ গৃহ তালিকা আৰু গৃহ পিয়ল (HLO)-ৰ অধীনত চলি থকা স্ব-গণনা প্ৰক্ৰিয়াৰ অংশ হিচাপে শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া শ্ৰী আনন্দ কুমাৰ দাসে আজি নিৰ্ধাৰিত পৰ্টেল se.census.gov.in-ৰ জৰিয়তে নিজৰ স্ব-গণনা সম্পূৰ্ণ কৰে।

তেজপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা চাৰ্জ অফিচাৰ শ্ৰীমতী শ্বেৰন থমাছৰ নেতৃত্বত এটা দলে জিলা আয়ুক্ত গৰাকীৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ এই প্ৰক্ৰিয়াটো সম্পন্ন কৰে। জিলা আয়ুক্ত গৰাকীয়ে শোণিতপুৰ জিলাৰ সকলো বাসিন্দাক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিজৰ স্ব-গণনা সম্পূৰ্ণ কৰাৰ লগতে পৰিয়ালৰ সদস্য, বন্ধু-বান্ধৱী, ওচৰ-চুবুৰীয়া আৰু সহকৰ্মী সকলকো এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিবলৈ আহ্বান জনায়। লগতে ১৭ আগষ্ট, ২০২৬ তাৰিখৰ পৰা ১৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখলৈকে অনুষ্ঠিত হ'বলগীয়া গৃহ তালিকা আৰু গৃহ পিয়লৰ সময়ত লোকপিয়ল গণনাকাৰী সকলক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈও তেওঁ সকলোকে আহ্বান জনায়।

উল্লেখযোগ্য যে, সমগ্ৰ অসমত ২ আগষ্ট, ২০২৬ তাৰিখৰ পৰা ১৬ আগষ্ট,২০২৬ তাৰিখলৈকে স্ব-গণনাৰ সুবিধা উপলব্ধ কৰা হৈছে, যাৰ জৰিয়তে বাসিন্দাসকলে গৃহতালিকা আৰু গৃহপিয়ল আৰম্ভ হোৱাৰ পূৰ্বেই স্বেচ্ছাই নিজৰ পৰিয়ালৰ তথ্য অনলাইনযোগে দাখিল কৰিব পাৰিব আৰু সৰ্বসাধাৰণ ৰাইজে se.census.gov.in- পৰ্টেলৰ জৰিয়তে নিজৰ স্ব-গণনা সম্পূৰ্ণ কৰিব পাৰিব । আজি জিলা আয়ুক্ত গৰাকীৰ স্ব-গণনা সম্পূৰ্ণ হোৱাৰ পিছত লোকপিয়লৰ দলটোৱে শোণিতপুৰ জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী বৰুণ পুৰকায়স্থৰ কাৰ্যালয়তো উপস্থিত হৈ জেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীৰ স্ব-গণনাও সফলতাৰে সম্পন্ন কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande