
প্ৰতাপগড়, ০৬ আগষ্ট (হি.স.)। উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলাৰ মহানগৰ আৰক্ষী থানাৰ অন্তৰ্গত মাহুলী মণ্ডীৰ সমীপৰ এটা জৰাজীৰ্ণ ঘৰৰ চাল বৃহস্পতিবাৰে পুৱা প্ৰায় ৩ বজাত মাজে মাজে বৰষুণৰ ফলত ভাঙি পৰে । ধ্বংসাৱশেষৰ তলত একেটা পৰিয়ালৰ ৬ জন সদস্যক হেঁচা মাৰি ধৰে ।
এই তথ্য লাভ কৰাৰ লগে লগে উপস্থিত হয় জিলা আৰু আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকল। দুঘণ্টাৰো অধিক সময় ধৰি চলা উদ্ধাৰ অভিযানৰ অন্তত ছয়জন লোকক ধ্বংসাৱশেষৰ পৰা টানি আনি জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে সকলোকে মৃত বুলি ঘোষণা কৰে। দুৰ্ঘটনাটোত পৰিয়ালটোৰ এজন সদস্যহে ৰক্ষা পৰে।
চিটি পুলিচ চাৰ্কল অফিচাৰ আশুতোষ মিশ্ৰই জনোৱা মতে, এই দুৰ্ঘটনাত প্ৰমোদ শ্ৰীবাস্তৱ (৬০), তেওঁৰ পত্নী ৰীতা শ্ৰীবাস্তৱ (৫৫), পুত্ৰ নিটিন (২৫), মাধুৰী (২৩), মাধৱ (২), আৰু এটা চাৰি মহীয়া কেঁচুৱাৰ মৃত্যু হয়। দুৰ্ঘটনাটোত কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে পৰিয়ালটোৰ পুত্ৰ অমন। এই ঘৰটো প্ৰায় ১০০ বছৰ পুৰণি বুলি কোৱা হয়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ