
নগাঁও, ০৬ আগষ্ট (হি.স.)। নগাঁও জিলাৰ জাজৰি কমলা পট্টি অঞ্চলৰ পিংকু ৰহমান আৰু ৰেহনা বেগমৰ কন্যা ৰেজিমা বেগম (নাৰ্গিছ) ৩১ জুলাইৰ পৰা সন্ধানহীন হৈ আছে। এই ঘটনাই বৰ্তমান সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজ বাসগৃহৰ পৰা সন্ধানহীন হোৱা ১৭ বছৰীয়া যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে বিভিন্ন স্থানত যুৱতী গৰাকীক বিচাৰ খোচাৰ কৰি নোপোৱাত ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে
স্থানীয় বৰিবজাৰ থানাত এজাহাৰ দাখিল কৰিছে।
কোনো সদাশয় ব্যক্তিয়ে যুৱতী গৰাকীৰ সন্ধান লাভ কৰিলে পৰিয়ালৰ লোকে ৯৩৬৫০৭৭৩৬৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ