
গুৱাহাটী, ০৬ আগষ্ট(হি.স.)। সৰ্বভাৰতীয় পৰ্যায়ত সক্ৰিয় জিএছটি জালিয়াতি চক্ৰ আৰু ভুৱা ইনপুট টেক্স ক্ৰেডিট (ITC) দাবীদাৰ সকলৰ বিৰুদ্ধে চলি থকা আইনগত কঠোৰ অভিযান অব্যাহত ৰাখি বিশেষ টাস্ক ফ'ৰ্চ (এছটিএফ), অসমে ৰাজ্যৰ বাহিৰত চলোৱা দুটা পৃথক অভিযানত পশ্চিমবঙ্গৰ কলকাতাৰ পৰা পুনৰ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই আতককে ধৰি এনে জিএজটি-আইটিচি জড়িত অপৰাধত শেহতীয়াকৈ এছ টি এফে আটক কৰা অপৰাধীৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি পালে।
২ আগষ্ট, ২০২৬ তাৰিখে এছটিএফ আৰক্ষী থানাৰ গোচৰ নং ০৫/২০২৬-ৰ সৈতে জড়িত বিবেক কুমাৰ গুপ্তা আৰু সুৰজিৎ বৰ্মনক কলকাতাৰ তিলজলা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। আনহাতে, ৪ আগষ্ট, ২০২৬ তাৰিখে এছটিএফ আৰক্ষী থানাৰ গোচৰ নং ০২/২০২৬-ৰ অন্যতম মূল অভিযুক্ত বিনীত কুমাৰ পোদ্দাৰক কলকাতাৰ কৈখালী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
অভিযান সমূহৰ সময়ত অভিযুক্ত সকলৰ পৰা কেইবাটাও মোবাইল ফোন, ছিম কাৰ্ড আৰু বিভিন্ন আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰি জব্দ কৰা হয়। কলকাতাৰ আদালতৰ পৰা প্ৰয়োজনীয় ট্ৰানজিট ৰিমাণ্ড লাভ কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলক যোৱা নিশা গুৱাহাটীলৈ অনা হৈছে।
গ্ৰেপ্তাৰ হোৱা তিনিজন অভিযুক্তৰ ভিতৰত বিনীত কুমাৰ পোদ্দাৰ আৰু বিবেক কুমাৰ গুপ্তা পশ্চিমবঙ্গৰ কলকাতাৰ বাসিন্দা। আনহাতে, সুৰজিৎ বৰ্মন অসমৰ বাক্সা জিলাৰ বৰামাৰ বাসিন্দা, যিয়ে আৰক্ষীৰ গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ কলকাতাত আত্মগোপন কৰি আছিল।
এই গোচৰৰ তদন্ত অব্যাহত আছে আৰু আইন অনুসৰি পৰৱৰ্তী প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জড়িত গোচৰ দুটাৰ জিএছটি /আইটিচি ৰ মুঠ জালিয়াতিৰ পৰিমাণ- ৩৩ কোটি ৭০ লাখ টকা।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ