মঙলদৈত বানপানী , মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ বান খতিগ্ৰস্থ একাংশ অঞ্চল ভ্ৰমণ
দৰং, ০৬ আগষ্ট (হি.স.)। মঙলদৈত বানপানীৰ সৃষ্টি। অঞ্চলটোৰ বান পৰিস্থিতি অধ্য়য়নৰ বাবে মন্ত্ৰী বিশ্বজিৎ দৈমাৰী বান খতিগ্ৰস্থ একাংশ অঞ্চল ভ্ৰমণ কৰে। মঙলদৈ ঔতলা নদীৰ বান পৰিস্থিতি অপৰিবৰ্তিত। নদীৰ জলস্তৰ কিছু পৰিমানে হ্ৰাস পাইছে যদিও ন-ন অঞ্চল প্লাবিত
মঙলদৈত বানপানী , মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ বান খতিগ্ৰস্থ একাংশ অঞ্চল ভ্ৰমণ


দৰং, ০৬ আগষ্ট (হি.স.)। মঙলদৈত বানপানীৰ সৃষ্টি। অঞ্চলটোৰ বান পৰিস্থিতি অধ্য়য়নৰ বাবে মন্ত্ৰী বিশ্বজিৎ দৈমাৰী বান খতিগ্ৰস্থ একাংশ অঞ্চল ভ্ৰমণ কৰে। মঙলদৈ ঔতলা নদীৰ বান পৰিস্থিতি অপৰিবৰ্তিত।

নদীৰ জলস্তৰ কিছু পৰিমানে হ্ৰাস পাইছে যদিও ন-ন অঞ্চল প্লাবিত হৈ পৰিছে।

বৰ্তমান ঔতলা পঞ্চায়তৰ মঠঙ্গা, অহকা অঞ্চলত বৃদ্ধি পাইছে জলস্তৰ।

বিভিন্ন লোকৰ ঘৰ-বাৰী পানীৰ তলত যোৱাৰ লগতে ৰাজপথ খহাই নিছে পানীৰ কোৱাল সোতে।

বহু লোক গৃহহাৰা হৈ শিবিৰত আশ্ৰয় লৈছে।

ইফালে কালিৰে পৰা অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিত দৈমাৰীয়ে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে।

মূখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী গৰাকীয়ে বানপীড়িত অঞ্চল ভ্ৰমণ কৰাৰ লগতে বুজ লৈছে বানাক্ৰান্ত লোকে সন্মুখীন হোৱা পৰিস্থিতি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande