
দৰং, ০৬ আগষ্ট (হি.স.)। কুলশী নৈৰ মঠাউৰীৰ চিগা অংশৰে হোৰা-হোৰে পানী সোমাইছে। বুৰাই পেলাইছে কৃষি পথাৰৰ বিস্তৰ এলেকা। বৰ্তমানলৈকে মঠাউৰীৰ চিগা অংশত প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই। ইতিমধ্যে জনবসতি পূৰ্ণ অঞ্চলত বাঢ়নী পানী সোমাব ধৰিছে। ছিপাঝাৰ সমষ্টিৰ কেইবাখনো গাঁৱত কুলশী নৈৰ বাঢ়নী পানী প্ৰৱেশ কৰিছে।
স্থানীয় লোক সকলে এক অজান আশংকাত ভুগি আছে। উজনী অসমৰ শিৱসাগৰ,চৰাইদেউ অঞ্চলত সৃষ্টি হোৱা বানপৰিস্থিতি ছিপাঝাৰ সমষ্টিটো উদ্ভৱ হব নেকি এই বিষয়ে স্থানীয় ৰাইজ যঠেষ্ট ভিতিগ্ৰস্থ হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা