বানাক্ৰান্ত চৰাইদেউ জিলাত দ্বিতীয় দিনৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ অব্যাহত আছে
চৰাইদেউ, ০৬ আগষ্ট (হি.স.)। বানাক্ৰান্ত চৰাইদেউ জিলাত বৃহস্পতিবাৰে একেৰাহে দ্বিতীয় দিনা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰি বৃহৎ সংখ্যক লোকক চিকিৎসা সেৱা প্ৰদান কৰা হয়। সোণাৰি মহাবিদ্যালয়ত আয়োজিত মেগা স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰে ৰাজ্যিক স
जीएमसीएच के नए भवन निर्माण कार्य का स्वास्थ्य मंत्री अशोक सिंघल निरीक्षण करते हुए।


চৰাইদেউ, ০৬ আগষ্ট (হি.স.)। বানাক্ৰান্ত চৰাইদেউ জিলাত বৃহস্পতিবাৰে একেৰাহে দ্বিতীয় দিনা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰি বৃহৎ সংখ্যক লোকক চিকিৎসা সেৱা প্ৰদান কৰা হয়। সোণাৰি মহাবিদ্যালয়ত আয়োজিত মেগা স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে। তেওঁ শিবিৰটো পৰিদৰ্শন কৰি ৰাইজক প্ৰদান কৰা স্বাস্থ্য সেৱাৰ বিষয়ে সোধা-পোছা কৰে।

শিবিৰত চিকিৎসকৰ এটা দলে ৰোগীক পৰীক্ষা কৰি অত্যাৱশ্যকীয় ঔষধ বিতৰণ কৰে, বানপীড়িত লোকসকলক স্বাস্থ্যৰ পৰামৰ্শ আগবঢ়ায়।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande