
গুৱাহাটী, ০৬ আগষ্ট,(হি.স.)। উত্তৰ গুৱাহাটীত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ সমীপত আৰক্ষীৰ অভিযানত জাল নোট চক্ৰৰ ৩ জন সদস্যক গ্ৰেপ্তাৰ কৰিব সক্ষম হই আৰক্ষীয়ে।প্ৰাথমিক প্ৰতিবেদন অনুসৰি ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীৰ দলটোৱে তেওঁলোকৰ বাহন খনক অনুসৰণ কৰি আটক কৰে। কিছু সময় খেদি খেদি দলঙৰ ওচৰতে গাড়ীখন ৰখাই দিয়ে।
জালনোট চক্ৰৰ সৈতে জৰিত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কেইজনক ৰঙিয়াৰ পৰা চিন্ময় কলিতা, কলাইগাঁৱৰ পৰা ৰছিদ আলী, ছয়গাঁৱৰ মহম্মদ সাহিল আলী। এ এছ ২৩এক্স ৩৭৩৯ নম্বৰৰ ভুৱা নম্বৰ প্লেট থকা ইয়ন গাড়ীৰে যাত্ৰা কৰিছিল।
তালাচীৰ সময়ত আৰক্ষীয়ে গাড়ীখনৰ পৰা ৩,৮২,৬০০ টকাৰ ভুৱা জাল নোট উদ্ধাৰ কৰে। জব্দ কৰা নোটসমূহত ১০০ আৰু ৫০০ টকাৰ জাল নোট আছে।
এই গোচৰৰ সন্দৰ্ভত উত্তৰ গুৱাহাটীৰ জালুকবাৰীৰ আন এজন ব্যক্তিকো ৰেকেটত জড়িত থকাৰ সন্দেহত আটক কৰা হৈছে।কামৰূপ জিলাৰ সহকাৰী আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এই অভিযান।
জাল নোট চক্ৰৰ অধিক লিংক জানিবলৈ আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ